ASSAM TIMES POST
বিশেষ প্ৰতিবেদন
দেশৰ ৯৫ কোটি ৩ লক্ষ লোক অর্থাৎ জনসংখ্যাৰ ৭০ শতাংশৰ সম্পত্তিৰ চাৰি গুণতকৈও অধিক সম্পত্তিৰ অধিকাৰী ১ শতাংশ ধনী লোকৰ ! ভাৰতৰ এনে এক ভয়াৱহ আর্থিক বৈষম্যৰ কথাকে জনাইছে ‘অক্সফেম’-এ। বিশ্বজুৰি দাৰিদ্ৰ্য বিমোচন তথা অধিকাৰ ৰক্ষার্থে দীর্ঘ দিন ধৰি আন্তর্জাতিক স্তৰত কাম কৰি আহিছে এই স্বেচ্ছাসেৱী সংগঠনটোৱে। ‘টাইম টু কেয়াৰ’ নামৰ তেওঁলোকৰ এক প্ৰতিবেদন অনুযায়ী, ২০১৮-১৯ বিত্তীয় বর্ষত ২৪,৪২,২০০ কোটি টকাৰ কেন্দ্রীয় বাজেটতকৈও অধিক সম্পত্তি আছে মুকেশ আম্বানী, আজিম প্রেমজি, সুনীল মিত্তলৰ দৰে দেশৰ ৬৩জন ধনকুবেৰৰ হাতত।
আনহাত, ভাৰততো বাদেই, সমগ্ৰ বিশ্বতেই এই আর্থিক বৈষম্য অত্যন্ত প্রকট। অক্সফেমে জনোৱা মতে, বিশ্বৰ ৪৬০ কোটি বা ৬০ শতাংশ লোকৰ ওচৰত যি সম্পত্তি আছে, তাতকৈও বেছি সম্পত্তি আছে ২ হাজাৰ ১৫৩জন ধনকুবেৰৰ ওচৰত।
সোমবাৰে ছুইজাৰলেণ্ডৰ ডাভোছত আৰম্ভ হৈছে ৱর্ল্ড ইকন’মিক ফ’ৰামৰ ৫০ সংখ্যক বার্ষিক সন্মিলন। তাৰ পূৰ্বে এই প্ৰতিবেদন প্রকাশ কৰিছে অক্সফেমে। এই সংগঠনটোৰ মতে, কেৱল ভাৰততেই যে এনে ধৰণৰ আর্থিক বৈষম্য আছে, তেনে নহয়। বৰং সমগ্ৰ বিশ্বতেই ছবিখন গড় হিচাপত একেই প্ৰকাৰৰ। তাৰ সৈতে যোগ হৈছে আয়ৰ নিৰিখত লিঙ্গবৈষম্যও।
সেইটো কেনে ধৰণৰ? প্ৰতিবেদনত কৈছে, পৰিচাৰিকাৰ কাম কৰা এগৰাকী মহিলাই বছৰত ২২ হাজাৰ ২৭৭ বছৰত যি আয় কৰিব, তাক মাত্র ১টা বছৰতেই উপাৰ্জন কৰে টেকন’লজী সংস্থাৰ এজন চিইঅ’-ই। মাত্র ১০ মিনিটত সেই চিইঅ’-ই যি আয় কৰিব, সেই ধন নিজৰ ঘৰলৈ আনবলৈ সেইগৰাকী পৰিচাৰিকাৰ লাগিব সমগ্ৰ বছৰ।
কেৱল সেয়াই নহয়, বেছিভাগ ক্ষেত্রতেই মহিলাসকলৰ গার্হস্থ্য কামৰ সলনি কোনো আয় নহয়। দেখা গৈছে, সমগ্ৰ বিশ্বত মহিলাসকলে ৩২৬ কোটি ঘণ্টাৰ এনেকুৱা কাম কৰিছে প্রতি দিনে, যাৰ পৰিৱৰ্তে তেওঁলোকৰ কোনো আয় হোৱা নাই। অর্থৰ নিৰিখত ভাৰতীয় অর্থনীতিত যাৰ পৰিমাণ প্রতি বছৰে ১৯ লক্ষ কোটি টকা। যিটো বিগত শিক্ষা বাজেটৰ ২০ গুণৰো অধিক (৯৩ কোটি টকা)।
বিশ্বজুৰি ধনী-দৰিদ্রৰ এই প্ৰভেদটো আৰু অধিক দেখা দিছে বিগত এটা দশকত। সেই সময়ৰ ভিতৰত ধনকুবেৰৰ সংখ্যাও দ্বিগুণ হৈছে। কিন্তু তাত লাভৱান হৈছে কেৱল মুষ্টিমেয় লোক। অক্সফেম ইণ্ডিয়াৰ চিইঅ’ অমিতাভ বেহৰেৰ মতে, এই পাৰ্থক্য নোহোৱা কৰিবলৈ সঠিক চৰকাৰী নীতিৰ প্রয়োজন। তেওঁ কয়, ‘‘বৈষম্য দূৰীকৰণত সেই লক্ষ্য নীতি থকা প্রয়োজন, যাতে ধনী-দৰিদ্ৰ্যৰ ব্যৱধান কমি যায়। আৰু খুব কম সংখ্যক চৰকাৰেই সেই লক্ষ্যত কাম কৰিছে।’’
তেওঁৰ মতে, সমাজৰ অর্থনৈতিক আন্তঃগাঁথনিৰ পৰা মহিলাসকলেই সকলোতকৈ কম লাভৱান হয়। কাৰণটোও জনাইছে তেওঁ। বেহৰেৰ মন্তব্য, ‘‘ৰন্ধা-বঢ়া কৰা, ঘৰ-দুৱাৰ পৰিষ্কাৰ ৰখা, কেঁচুৱা বা বয়স্কসকলৰ চোৱাচিতা কৰোতেই ঘণ্টাৰ পিছত ঘণ্টা কটাবলগীয়া হয় মহিলাসকলে। সেয়ে তাৰ পৰা কোনো আয়ৰ সংস্থান নাই তেওঁলোকৰ। কিন্তু এনে ধৰণৰ আয়হীন কাম-কাজৰ বাবে আমাৰ সমাজ, অর্থনীতি বা বাণিজ্যই গতি পাইছে।
সেয়ে বেছিভাগ ক্ষেত্রতে প্রয়োজনীয় শিক্ষাৰ অভাৱে বা সামাজিক ক্ষেত্রত নিজৰ মতামত জনোৱাৰ সুযোগ নাপাই সমাজৰ নিম্ন স্তৰতেই পৰি থাকে।’’ বিশ্বব্যাপী এটি সমীক্ষা অনুযায়ী, সমগ্ৰ আফ্রিকাৰ মহিলাসকলৰ সন্মিলিত ধন-সম্পদতকৈ বিশ্বৰ মাত্র ২২জন ধনীৰ সম্পত্তিৰ পৰিমাণ বেছি।













