ASSAM TIMES POST
নিউজ ডেস্ক
কোটিৰো অধিক মূল্যৰ হেৰইনসহ কলকাতা আৰক্ষীৰ জালত পৰিল ভিন্ন ৰাজ্যৰ দুই নিচাযুক্ত দ্ৰৱ্য সৰবৰাহকাৰী। ধৃত লোক দুজনৰ পৰা উদ্ধাৰ কৰা হৈছে বিপুল পৰিমাণৰ হেৰইন। আন্তৰ্জাতিক বজাৰত ইয়াৰ মূল্য অতিকমেও ৭৫ কোটিৰ পৰা ১০৫ কোটি টকা হ’ব বুলি আৰক্ষী সূত্ৰে প্ৰকাশ।
এক গোপন সূত্ৰৰ পমখেদি সোমবাৰে মাজনিশা পশ্চিমবংগৰ টালা থানাৰ অন্তৰ্গত পাইকপাৰা অঞ্চলত অভিযান চলায় কলকাতা আৰক্ষীৰ স্পেচিয়েল টাস্ক ফ’ৰ্চৰ সন্ত্ৰা দমন শাখাই। তাৰ পৰাই উত্তৰ প্ৰদেশ আৰু মণিপুৰৰ দুই ব্যক্তিক গ্ৰেপ্তাৰ কৰে আৰক্ষীৰ বিশেষ শাখাই।
আৰক্ষী সূত্ৰমতে, ধৃত ৪০ বছৰীয়া জুবেৰ উত্তৰ প্ৰদেশৰ বাসিন্দা। তেওঁৰ সংগী মৌলানা ফয়জুদ্দিন থাকে মণিপুৰত। তেওঁলোকৰ হাচতৰ পৰাই আৰক্ষীয়ে ২৫ কিঃগ্ৰাঃৰো অধিক ওজনৰ হেৰইনখিনি জব্দ কৰে।
উল্লেখ্য যে কলকাতাতো বাদেই, পশ্চিমবংগ আনকি উত্তৰ-পূব ভাৰতৰ পৰাও এতিয়ালৈকে ইমান বেছি পৰিমাণৰ নিচাযুক্ত দ্ৰৱ্য উদ্ধাৰ হোৱা নাই।
ইতিমধ্যে ধৃত দুয়োজনৰ বিৰুদ্ধে এনডিপিএছ আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছে। আজি অভিযুক্ত দুয়োকে বকখালিৰ আদালতত হাজিৰ কৰোৱা হৈছে।













