
ৰাজ্যিক কেবিনেটে চলিত বৰ্ষৰ মাৰ্চ মাহত ভিন্ন ধৰ্মৰ মাজত মাটি বিক্ৰী আৰু ক্ৰয়ৰ ওপৰত জাৰি কৰা নিষেধাজ্ঞাৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ে (Guwahati High Court) ৰায়দান কৰিছে। ঘটনাটো কৰিমগঞ্জৰ।

কবীৰ আহমেদ চৌধুৰী আৰু মহম্মদ ফাইজুল আহমেদে ফেব্ৰুৱাৰী মাহত তেওঁলোকৰ ৮ কঠা মাটি স্থানীয় প্ৰদীপ মালাকাৰ আৰু পল্টু মালাকাৰক বিক্ৰী কৰিব বিচাৰিছিল।
৭ ফেব্ৰুৱাৰীত লাভ কৰা এন অ’ চিৰ ম্যাদ আছিল নৱেম্বৰলৈকে। কিন্তু মাৰ্চ মাহত মন্ত্ৰীসভাৰ সিদ্ধান্তৰ পিছত ৰাজ্য চৰকাৰে এক বিশেষ অধিসূচনা জাৰি কৰি ভিন্ন ধৰ্মৰ মাজত মাটি বিক্ৰী বন্ধ কৰি দিয়াত উক্ত মাটিৰ বিক্ৰীও বন্ধ হৈ যায়। যাৰ বাবে তেওঁলোক উচ্চ ন্যায়ালয়ৰ কাষ চাপে। কৰিমগঞ্জৰ জিলা দণ্ডাধীশেও শনিবাৰে উক্ত গোচৰৰ তৃতীয় শুনানিত অনলাইনযোগে অংশগ্ৰহণ কৰে।
শুনানিৰ সময়ত আহমেদৰ অধিবক্তা হাফিজ ৰছিদ চৌধুৰীয়ে দাবী কৰে যে ভিন্ন ধৰ্মৰ ভিত্তিত মাটি বিক্ৰীৰ অনুমতি নিদিয়াত জিলা প্ৰশাসনে সম্পত্তি হস্তান্তৰ আইন, পঞ্জীয়ন আইন আৰু ভাৰতীয় সংবিধানৰ ১৪ আৰু ১৫ (১) অনুচ্ছেদৰ ধাৰা ভংগ কৰিছে। ৰাজ্য চৰকাৰৰ এই সিদ্ধান্ত আৰু নিৰ্দেশো সংবিধানৰ বিৰোধী। শুনানিৰ শেষত উচ্চ ন্যায়ালয়ে ৰায় দিয়ে যে চৰকাৰী নিৰ্দেশ সেই মাটি বিক্ৰীৰ ক্ষেত্ৰত বাধা হ’ব নোৱাৰে।
কৰিমগঞ্জৰ জিলা দণ্ডাধীশে আদালতত কয় যে সংশ্লিষ্ট পক্ষৰ ভূমিৰ চুক্তি হস্তান্তৰ কৰাৰ ক্ষেত্ৰত আৰু পলম কৰিব নোৱাৰি। হাফিজে কয়, মানুহে টকাৰ প্ৰয়োজন হ’লে মাটি বিক্ৰী কৰে। কিন্তু চৰকাৰ আৰু প্ৰশাসনৰ অন্যায় সিদ্ধান্তৰ বাবে তেওঁলোকে প্ৰথমবাৰৰ বাবে উচ্চ ন্যায়ালয়লৈ যাবলগা হৈছে।













