ASSAM TIMES POST
নিউজ ডেস্ক
ছাত্র-ছাত্রী আৰু শিক্ষক-শিক্ষয়িত্ৰী মিলি দর্শকৰ সংখ্যা হৈছিল দুই হাজাৰ। সোমবাৰে ‘পৰীক্ষা পে চর্চা’ৰ মঞ্চৰ পৰাই ব্যর্থতা পাহৰি, শিক্ষাৰ্থীসকলক জীৱনত আগুৱাই যোৱাৰ মন্ত্র শুনায় প্রধান মন্ত্রী নৰেন্দ্র মোডীয়ে। পৰামর্শ আৰু ৰসিকতাৰ সংমিশ্ৰণত তুলি ধৰিলে ছাত্রজীৱনৰ লক্ষ্যৰ কথাও।
উল্লেখ্য যে ‘পৰীক্ষা পে চর্চা’ অনুষ্ঠানত নৰেন্দ্র মোডীৰ সৈতে শিক্ষাৰ্থীসকলৰ এক মত বিনিময় আছিল আজি। য’ত প্রধান মন্ত্রী অৱতীৰ্ণ হয় শিক্ষকৰ ভূমিকাত। পাঠ্যপুথিৰ বাহিৰে ছাত্র-ছাত্রীসকলৰ যি যি প্রশ্ন, তাৰ উত্তৰ তেওঁৰ ওচৰত। সেই মঞ্চৰ পৰাই মোডীয়ে কি বার্তা দিব বিচাৰিছে তাক শুনিবলৈ কাণ পাতিছিল ছাত্ৰ-ছাত্কীসকলে। তৃতীয় ‘পৰীক্ষা পে চর্চা’ৰ মঞ্চত বক্তৃতা আগবঢ়াবলৈ গৈ প্রথমৰ পৰাই ছাত্র-ছাত্রীসকলৰ সৈতে অন্তৰংগ হোৱাৰ চেষ্টা কৰে নৰেন্দ্র মোডীয়ে। তেওঁ কয়, ‘‘আপোনালোকৰ অভিভাৱকসকলৰ সৈতে মোৰ পাৰ্থক্য ইয়াতেই যে, মই অতি বেছি বন্ধুত্বপূর্ণভাৱে আলোচনা কৰিম।’’ প্রধান মন্ত্রীয়ে ছাত্ৰ-ছাত্ৰীসকলক একেবাৰে ওচৰ চপাই অনা দেখি ছাত্ৰ-ছাত্ৰীসকলে প্রশ্ন কৰে, পৰীক্ষাৰ সময়ত মুড কেনেদৰে ভালে ৰাখিব পৰা যায়? ইয়াৰ উত্তৰত স্বভাৱসিদ্ধ ভংগীমাৰে মোডীয়ে কয়, ‘‘প্রথমে এইটোৰ উত্তৰ বিচৰা প্ৰয়োজন কিয় মুড অফ হয়?’’ মেজাজ নিয়ন্ত্রণত ৰাখিবলৈ ছাত্ৰ-ছাত্ৰীসকলক আত্মসংযমৰ পাঠো দিয়ে ‘শিক্ষক’ নৰেন্দ্র মোডীয়ে।
সাফল্য আৰু ব্যর্থতাক কেনেদৰে চোৱা উচিত? মোদীৰ সৈতে ছাত্ৰ-ছাত্ৰীসকলৰ আলাপত স্বাভাবিকভাৱেই উঠে এই প্রশ্ন। তাৰ উত্তৰ দিবলৈ গৈ মোডীয়ে টানি আনে ইছৰোৰ চন্দ্রযান-২ৰ অভিযান প্রসঙ্গ। কয়, ‘‘চন্দ্রযান-২ অভিযান ব্যর্থ হোৱাত মোৰ মন অশান্ত হৈ উঠিছিল। মই তাৰ পিছদিনা পুৱা বিজ্ঞানীসকলক সাক্ষাত কৰি তেওঁলোকক উৎসাহিত কৰাৰ চেষ্টা কৰিছিলো।’’ মোডীয়ে লগতে কয়, ‘‘প্রত্যেক ব্যর্থতাই প্ৰকৃততে সাফল্যৰ দিশত এখোজ আগবাঢ়ি যোৱা।’’

ব্যর্থতাক জয় কৰি সাফল্যৰ দুৱাৰ খোলাৰ বিষয়ে ক’বলৈ গৈ মোডীয়ে টানি আনে ২০০১ চনৰ সৌৰভ গাংগুলী নেতৃত্বাধীন ভাৰতীয় ক্রিকেট দলৰ কথা। ইডেনত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে দ্রাবিড় আৰু লক্ষ্মণৰ হাৰ নমনা যুঁজে কেনেদৰে সেই টেষ্ট মেচৰ গতি সলনি কৰি দিছিল তাক পুনৰ এবাৰ দাঙি ধৰে প্রধান মন্ত্রীয়ে। শিক্ষাৰ্থীসকলক স্পষ্টভাৱে জনাই দিয়ে, ‘‘পৰীক্ষাৰ অঙ্কত এতিয়া আৰু জীৱন নচলে। পৰীক্ষাৰ নম্বৰ কেতিয়াও সাফল্যৰ মাপকাঠি হ’ব নোৱাৰে। নম্বৰ ভাল নহলে গোটেই জীৱন শেষ হৈ গ’ল, এনেদৰে ভবাৰো কোনো কাৰণ নাই।’’
জীৱনৰ অভিজ্ঞতাৰ পৰা শিকাৰ পাঠো আজি ছাত্র-ছাত্রীসকলক দিয়ে মোডীয়ে। পূৰ্বতকৈ যো বৰ্তমানৰ পৰিস্থিতি বহুত সলনি হৈ গৈছে তাক মানি লৈ প্রধান মন্ত্রীয়ে কয়, ‘‘এতিয়া অভিভাৱকসকলে শিক্ষাৰ্থীসকলক নানা ধৰণৰ প্রশিক্ষণ লোৱাৰ বাবে আগবঢ়াই দিছে।’’ প্রযুক্তি আৰু গেজেট সর্বস্বতাৰ মায়াজাল কাটি শিক্ষাৰ্থীসকলক আগুৱাই যোৱাৰ বাবেও উৎসাহিত কৰে তেওঁ।
ছাত্র-ছাত্রীসকলৰ অধিকাৰ আৰু কর্তব্য সম্পর্কেও সচেতন কৰি দিয়ে প্রধান মন্ত্রীয়ে। তেওঁ কয়, ‘‘শিক্ষাৰ্থীসকলৰ উচিত দেশৰ বাবে কাম কৰা। তেওঁলোকে আজি দেশৰ বাবে যি কৰিব, তাৰ ফলত ভৱিষ্যতে তেওঁলোককেই লাভ দিব।’’

জীৱনত চাপ আঁতৰাই কেনেদৰে আগবাঢ়িব? প্রধান মন্ত্রীক এই প্রশ্নটো কৰিছিল অন্ধ্রপ্রদেশৰ শিক্ষাৰ্থী জাভেদ, কাশ্মীৰ কৰিশ্মা আৰু ছত্তীশগড়ৰ মণিকাই। তার উত্তৰ দিবলৈ গৈ ছাত্ৰ-ছাত্ৰীসকলৰ মেণ্টৰৰ ভূমিকাত দেখা যায় প্রধান মন্ত্রীক। ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি তেওঁ কয়, ‘‘যি কথা আপোনালোকৰ নিজৰ পিতৃ-মাতৃক ক’ব পৰা নাই সেই কথা মোডীজীক ক’লে। মই চাপ দিয়াৰ কথা নকওঁ। কাৰণ, স্প্রিং বেছিকৈ টানিলে সেইডাল নষ্ট হৈ যায়। পিতৃ-মাতৃ আৰু শিক্ষকসকলে এইটো বুজিব লাগিব। ছাত্ৰ-ছাত্ৰীক উৎসাহ দিব লাগিব। য’ত উৎসাহ দিব তাতেই ভাল হ’ব। কিন্তু, চাপ দিলে সমস্যা বাঢ়িব, নকমে।’’
ছাত্ৰ-ছাত্ৰীসকলৰ শেষ প্রশ্ন আছিল, পুৱা না ৰাতি, কোন সময়ত পঢ়া-শুনা কৰা ভাল? ৰসিকতা কৰিয়ে মোডীয়ে কয়, ‘‘মই এই প্রশ্নৰ অর্ধেক উত্তৰ দিব পাৰিম। কাৰণ, মই খুব সোনকালে উঠো। আৰু কামৰ হেঁচা থাকিলে গভীৰ নিশা শুই যাওঁ। পুৱাই উঠি পঢ়িলে ভাল। কাৰণ, সেই সময়ত মন পৰিষ্কাৰ থাকে।’’ অৱশ্যে ইয়াৰ কোনো বৈজ্ঞানিক ব্যাখ্যা তেওঁৰ ওচৰত নাই বুলিও তেওঁ জনায়। কেৱল কিতাপৰে নহয়, শিক্ষাৰ্থীসকলক প্রকৃতিৰ পাঠ লোৱাৰ বার্তাও আজি দিয়ে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।













