ASSAM TIMES POST
নিউজ ডেস্ক
সমুদ্ৰৰ উপকূলত বহু পক্ষীৰ মৃতদেহ পৰি থকা দেখি চিন্তিত হৈ পৰিছে প্ৰকৃতিপ্ৰেমী৷ কেলিফৰ্ণিয়াৰ পৰা আলাস্কালৈকে দীৰ্ঘ দিন ধৰি এই ঘটনাৰ সাক্ষী হৈছে উত্তৰ আমেৰিকাৰ পশ্চিম উপকূলৰ বাসিন্দা৷ ইপিনে, তদন্ত প্ৰতিবেদনত আতংকিত হৈ পৰিছে প্ৰকৃতিপ্ৰমী আৰু প্ৰকৃতিবিদ৷ ‘জলবায়ুৰ পৰিবৰ্তন’ একমাত্ৰ কাৰণ হৈ পৰিছে পক্ষীৰ মৃত্যুৰ কাৰণ৷
প্ৰতিবেদনত এই কথা প্ৰকাশ৷ বিশেষজ্ঞসকলৰ মতে যোৱাটো বছৰত কমেও দহ লাখ সমুদ্ৰৰ মাছ ধৰা পক্ষী ‘কমন মুৰ’ৰ মৃত্যু হৈছে৷ কিন্তু প্ৰকৃতিবিদসকলে এই কথাত লক্ষ্য কৰা নাছিল৷ প্ৰকৃতিবিদসকলে অনুমান কৰা মতে সমুদ্ৰৰ পানীৰ তাপমাত্ৰা অস্বাভাৱিক হাৰত বৃদ্ধি পাইছে৷ তাৰ ফলতে এই বিপৰ্যয় বুলি প্ৰকৃতিবিদসকলে মত প্ৰকাশ কৰে৷
ইয়াৰ মূল কাৰণ ‘জলবায়ুৰ পৰিবৰ্তন’ হৈ পৰিছে৷ বিজ্ঞানীসকলে জনোৱা মতে সমুদ্ৰত তাপমাত্ৰা বৃদ্ধি হোৱাৰ ফলত ‘কমন মুৰ’ নামৰ পক্ষীবোৰৰ বাবে খাদ্যৰ অভাৱ হৈছে৷ উল্লেখ্য যে ২০১৫ চনৰ গ্ৰীষ্ম কালৰ পৰা ২০১৬ চনৰ বসন্তলৈকে অসংখ্য পক্ষীৰ মৃত্যু হৈছে৷ সমুদ্ৰ বিজ্ঞানীসকলে জনোৱা মতে উত্তৰ-পূব প্ৰশান্ত মহাসাগৰৰ পানীৰ তাপমাত্ৰা বৃদ্ধি হোৱাটো প্ৰথম আৰম্ভ হয় ২০১৩ চনত৷ ২০১৫ চনত এল নিনোৰ কাৰণে তাপমাত্ৰা অধিক বৃদ্ধি পায়৷
২০১৬ চন পৰ্যন্ত সমুদ্ৰৰ পানীত এই উষ্ণতা চলি থাকে৷ ২০১৫ চনৰ গ্ৰীষ্মৰ পৰা ২০১৬ চনৰ বসন্ত, এই কালচোৱাত কমেও ৬২ হাজাৰ ‘কমন মুৰ’ৰ মৃতদেহ পোৱা যায়৷ বিশেষজ্ঞসকলৰ মতে সকলোবোৰ মিলি ইয়াৰ পৰিমাণ ১০ লাখ হ’বগৈ৷ মাৰ্কিন ভূতাত্ত্বিক সংস্থাৰ জন পিয়াটে কয়, প্ৰশ্ন হৈছে, এটা নিৰ্দিষ্ট সময়ত ছহেজাৰ কিলোমিটাৰ এলেকাত কি দৰে দহ লাখ পক্ষী মৃত্যু হ’ব পাৰে৷ কাৰণটো কি? তেওঁৰ ব্যাখ্যা, কমন মুৰৰ গণ মৃত্যু আগতেও হৈছে৷
কিন্তু সংখ্যা ইমান ভয়াবহ নাছিল৷ এই পক্ষীৰ অভিযোজন ক্ষমতা বহু বেছি৷ সমুদ্ৰৰ গভীৰতাত মাছ ধৰাৰ ক্ষমতা আছে এই পক্ষীৰ৷ তদন্ত প্ৰতিবেদন দেখি পিয়াট আৰু তেওঁৰ সহকৰ্মীয়ে কয়, কমন মুৰৰ খাদ্যাভাস মতে পক্ষীবিধক প্ৰতিদিনে ভাল পৰিমাণৰ মাছৰ প্ৰয়োজন হয়৷ সমুদ্ৰত তাপমাত্ৰা বাঢ়ি যোৱাত হয়তো খাদ্যাভাসত প্ৰভাৱ পৰিছে৷









