ধৰ্ষণৰ অভিযোগত দোষী সাব্যস্ত হোৱা ডেৰা সচা সৌদাৰ মুৰব্বী গুৰমীত ৰাম ৰহিম সিঙে (Ram Rahim) নিৰ্বাচনৰ পূৰ্বে পেৰ’লত মুক্তি অব্যাহত ৰাখিছে। আনহাতে, হাৰিয়ানাৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে তেওঁৰ পেৰ’লত মুক্তিৰ বিৰুদ্ধে মঙলবাৰে কংগ্ৰেছে নিৰ্বাচন আয়োগৰ ওচৰত অভিযোগ দাখিল কৰে।
মঙলবাৰে পুৱা গুৰমীতৰ এই আবেদনৰ পিছত নিৰ্বাচন আয়োগে তেওঁক ২০ দিনৰ বাবে পেৰ’লত মুকলি কৰি দিয়াৰ সিদ্ধান্ত লয়। পেৰ’লৰ চৰ্ত হিচাপে তেওঁ হাৰিয়ানালৈ যাব নোৱাৰে বুলিও জনোৱা হয়। গুৰমীতে উত্তৰ প্ৰদেশৰ বাগপাটৰ আশ্ৰমত থাকিবলগা হৈছে।
পূর্বে পঞ্জাৱ আৰু হাৰিয়ানাত বিধানসভা নির্বাচনৰ পূর্বে একেদৰেই পেৰ’লত গুৰমীটক মুকলি কৰি দিয়া হৈছিল৷ বিগত লোকসভা নিৰ্বাচনৰ পূৰ্বেও একেই ধাৰা অব্যাহত আছিল। যোৱা জানুৱাৰী মাহত মুক্তি পোৱাৰ পিছত তেওঁক তৰোৱালেৰে কেক কাটি ‘স্বাধীনতা দিৱস’ উদযাপন কৰা দেখা গৈছিল।
উল্লেখযোগ্য যে পঞ্জাৱ, হাৰিয়ানা, হিমাচল প্ৰদেশ, পশ্চিম উত্তৰ প্ৰদেশত ৰাম ৰহিমৰ প্ৰায় এক কোটি ভক্ত আছে। ইয়াৰে অধিকাংশই দলিত আৰু পিছপৰা শ্ৰেণীৰ।গতিকে যদি ডেৰাই কোনো দলক সমৰ্থন কৰে তেন্তে ইয়াৰ প্ৰভাৱ নিৰ্বাচনত প্ৰতিফলিত হোৱাৰ সম্ভাৱনা আছে।
সেয়ে কংগ্ৰেছকে ধৰি বিৰোধীৰ একাংশই অভিযোগ উত্থাপন কৰে যে বিজেপিয়ে সেই ভোটসমূহৰ ওপৰত চকু ৰাখি নিৰ্বাচনৰ পূৰ্বে তেওঁক মুক্তিৰ ব্যৱস্থা কৰিছিল। কাৰাগাৰত বন্দী ৰাম ৰহিমৰ ‘শক্তি’ বিগত সময়ত বিভিন্ন নিৰ্বাচনৰ সময়তো দেখা গৈছে। পেৰ’লত মুক্তি পোৱাৰ পিছত ডেৰাৰ মুৰব্বীগৰাকীয়ে বিজেপি নেতাৰ সৈতে অনলাইন সৎসংগৰ বাবেও বিতৰ্কৰ সন্মুখীন হ’বলগীয়া হয়।
হাৰিয়ানা কংগ্ৰেছে মঙলবাৰে নিৰ্বাচন আয়োগলৈ এখন পত্ৰ প্ৰেৰণ কৰি কয় যে যদিহে ৰাম ৰহিমক পেৰ’লত মুকলি কৰি দিয়া হয় তেন্তে নিৰ্বাচনৰ ফলাফল প্ৰভাৱিত হোৱাৰ আশংকা আছে। গতিকে কংগ্ৰেছে তেওঁক আদৰ্শ আচৰণ বিধিৰ ম্যাদ উকলি নোযোৱালৈকে তেওঁক মুকলি কৰি নিদিবলৈ অনুৰোধ জনায়। উল্লেখযোগ্য যে বিগত চাৰি বছৰত ১৫ বাৰকৈ পেৰ’লত মুকলি কৰি দিয়া হৈছে ৰাম ৰহিম।
২০০২ চনত ডেৰাৰ ৰাজ্যিক সমিতিৰ সদস্য ৰঞ্জিত সিঙৰ হত্যাকাণ্ডৰ গোচৰত ৰাম ৰহিমক দোষী সাব্যস্ত কৰা হৈছিল যদিও যোৱা মে’ মাহত পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ে ৰাম ৰহিমক মুকলি কৰি দিছিল।
অৱশ্যে আশ্ৰমৰ ভিতৰত দুজন শিষ্যক ধৰ্ষণ কৰাৰ অপৰাধত ২০১৭ চনত নিম্ন আদালতত ২০ বছৰৰ কাৰাদণ্ড ভুগি আছে ডেৰাৰ মুৰব্বীগৰাকীয়ে। হাৰিয়ানাৰ ৰোহটকৰ সুনীয়া কাৰাগাৰত বন্দী হৈ আছে।