
সন্মুখত হাৰিয়ানাৰ নিৰ্বাচন। তাৰ পূৰ্বে পুনৰ পেৰ’লৰ বাবে আবেদন জনাইছে ডেৰাৰ মুৰব্বী গুৰমীত ৰাম ৰহিমে (Ram Rahim)। উল্লেখযোগ্য যে ৫ অক্টোবৰত হাৰিয়ানাত বিধানসভা নিৰ্বাচন। ইয়াৰ পূৰ্বে ধৰ্ষণ কাণ্ডত দোষী সাব্যস্ত হোৱা অভিযুক্ত ৰাম ৰহিমে ২০ দিনৰ পেৰ’লৰ বাবে আবেদন কৰিছে।

সূত্ৰ অনুসৰি, হাৰিয়ানা চৰকাৰে এই আবেদনখন বিবেচনাৰ বাবে ৰাজ্যখনৰ মুখ্য নিৰ্বাচনী বিষয়ালৈ প্ৰেৰণ কৰিছে। এই সময়ত ডেৰাৰ মুৰব্বীগৰাকীয়ে পেৰ’লত মুক্তি বিচৰাৰ কাৰণ উল্লেখ কৰিবলৈ নিৰ্দেশ দিছে ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াই।
উল্লেখযোগ্য যে ২০১৭ চনত আদালতে আশ্ৰমৰ ভিতৰত দুগৰাকী শিষ্যক ধৰ্ষণ কৰাৰ অপৰাধত দোষী সাব্যস্ত কৰিছিল ডেৰাৰ মুৰব্বীজনক। বিচাৰত ২০ বছৰৰ কাৰাদণ্ডৰ শাস্তি বিহা হয়। সম্প্ৰতি তেওঁ ৰোহটকৰ সুনাৰিয়া কাৰাগাৰত আবদ্ধ হৈ আছে।
জে’লত থকাৰ সময়ত তেওঁৰ পেৰ’লত মুক্তিৰ ওপৰত ইয়াৰ পূৰ্বেও কেইবাবাৰো প্ৰশ্ন উত্থাপন হৈছে। আনকি পঞ্জাব আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়েও ফেব্ৰুৱাৰী মাহত কৈছিল যে আদালতৰ অনুমতি অবিহনে তেওঁক পেৰ’লত মুকলি কৰি দিব নোৱাৰিব।
ইয়াৰ পিছতো ৰাম ৰহিমক নিয়ম মানি পেৰ’লত মুকলি কৰি দিয়া হৈছিল। লগতে যোৱা মাহত ২১ দিনৰ বাবে পেৰ’লত মুকলি কৰি দিয়া হৈছিল। ২ ছেপ্টেম্বৰত পুনৰ জে’ললৈ আহিছিল। ইয়াৰ মাজতে ডেৰাৰ মুৰব্বীগৰাকীয়ে পুনৰ ২০ দিনৰ পেৰ’লৰ বাবে আবেদন জনায়।
উল্লেখযোগ্য যে জে’লত থকাৰ পিছতো ডেৰাৰ মুৰব্বীগৰাকীৰ বৃহৎ অনুগামী আছে। তেওঁৰ শিষ্য আৰু অনুগামীসকল পঞ্জাব, হাৰিয়ানা, হিমাচল প্ৰদেশ আৰু উত্তৰ প্ৰদেশত বিয়পি আছে। কাৰাগাৰত বন্দী ৰাম ৰহিমৰ ‘শক্তি’ বিগত সময়ত বিভিন্ন নিৰ্বাচনৰ সময়তো দেখা গৈছে।
এইবাৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে ডেৰাৰ ছিৰছাৰ মুখ্য কাৰ্যালয়ত দেখা গৈছিল কংগ্ৰেছ, বিজেপি, আম আদমি পাৰ্টি, শিৰোমণি আকালি দলৰ নেতা আৰু প্ৰাৰ্থী। ৰাজনীতিবিদসকলে ৰাম ৰহিমৰ উত্তৰাধিকাৰী গুৰিন্দৰ সিং ধিলোনৰ আশীৰ্বাদ বিচাৰি গৈছিল।
উত্তৰ আৰু পশ্চিম ভাৰতত ডেৰাৰ অনুগামী প্ৰায় এক কোটি। ইয়াৰে অধিকাংশই দলিত আৰু পিছপৰা শ্ৰেণীৰ। গতিকে যদি ডেৰাই কোনো দলক সমৰ্থন কৰে তেন্তে ইভিএমৰ ওপৰত ইয়াৰ প্ৰভাৱ পৰাটো নিশ্চিত বুলি ধাৰণা ৰাজনীতিৰ একাংশ বিষেশজ্ঞৰ।












