ASSAM TIMES POST
মাজুলীৰ পৰা ৰাজীৱ পাতিৰৰ সহযোগত বিশেষ প্ৰতিবেদন
মাজুলীৰ অংগনবাড়ী কেন্দ্ৰসমূহত এক অভিলাষী প্ৰকল্প গ্ৰহণ জিলা প্ৰশাসনৰ। নদীদ্বীপ জিলাখনৰ অংগনৱাড়ী কেন্দ্ৰসমূহৰ আন্তঃগাঁথনি উন্নত কৰি আকৰ্ষণীয়, পৰিষ্কাৰ-পৰিচ্ছন্ন ৰূপত গঢ়াৰ লক্ষ্যৰে উপায়ুক্ত বিক্ৰম কৈৰীৰ বিশেষ তত্ত্বাৱধানত জিলা প্ৰশাসনে ‘কিশলয়’ শীৰ্ষক এটা গুৰুত্বপূৰ্ণ প্ৰকল্প ৰূপায়ণৰ কাম হাতত লৈছে। নদীদ্বীপ জিলাখনৰ জৈৱ-বৈচিত্ৰ্যৰে ভৰপূৰ, নিৰ্মল-বিশুদ্ধ বায়ু-পানীৰে জীপাল বিনন্দীয়া পৰিবেশ সুৰক্ষাৰ দিশত জনসজাগতা বৃদ্ধিৰ উদ্দেশ্যে আৰু প্লাষ্টিক প্ৰদূষণ ৰোধৰ বাৰ্তাৰে পেলনীয়া প্লাষ্টিকৰ বটল ব্যৱহাৰ কৰি ‘কিশলয় প্ৰকল্প’ৰ অধীনত আদৰ্শ অংগনবাড়ী কেন্দ্ৰৰ গৃহ নিৰ্মাণৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে।
যোৱা ২২ অক্টোবৰৰ পৰা আৰম্ভ হোৱা এই প্ৰকল্পৰ প্ৰথম পৰ্যায়ত নিজস্ব গৃহ নথকা আৰু জৰাজীৰ্ণ গৃহতে চলি থকা ১০০টা নিৰ্বাচিত অংগনবাড়ী কেন্দ্ৰৰ আন্তঃগাঁথনি উন্নীতকৰণৰ পৰিকল্পনা কৰা হৈছে। এই অংগনৱাড়ী কেন্দ্ৰসমূহত শিশুৰ বাবে অনুকূল পৰিবেশৰ নতুন অংগনৱাড়ী গৃহ নিৰ্মাণ কৰা হ’ব। এই নতুন অংগনৱাড়ী-গৃহসমূহৰ প্ৰত্যেকতে শ্ৰেণীকোঠাৰ ভিতৰখন শিশুমনক আলোড়িত কৰিব পৰাকৈ আকৰ্ষণীয় গৃহসজ্জা তথা দেৱাল-অংকনেৰে সুশোভিত কৰি তোলা হ’ব।

তদুপৰি, প্ৰতিটো কেন্দ্ৰতে সুকীয়াকৈ শিশুৰ বাবে উপযোগী প্ৰসাধন-কক্ষ, ৰান্ধনিগৃহ থকাৰ উপৰি খেলা-ধূলাৰ বাবেও পৰ্যাপ্ত সমলেৰে কেন্দ্ৰটি সমৃদ্ধ কৰা হ’ব। আনহাতে, প্ৰতিটো কেন্দ্ৰৰে চৌহদত থাকিব পুষ্টিকৰ শাক-পাচলি তথা ফল-মূলৰ বাগিচাও। ইতিমধ্যে প্ৰাৰম্ভিক পৰ্যায়ত বাছনি কৰি উলিওৱা ৪৫টা অংগৱাড়ী কেন্দ্ৰৰ ভিতৰ চাৰিটা কেন্দ্ৰত কিশলয়ৰ অধীনত অংগনৱাড়ী গৃহ উন্নীতকৰণৰ কামো আৰম্ভ কৰিছে জিলা প্ৰশাসনে। এই প্ৰকল্পৰে অংশ হিচাপে ইতিমধ্যে মাজুলী জিলা প্ৰশাসনে হাতত লৈছে আন এক অভিনৱ প্ৰয়াসো।
সম্পূৰ্ণ পৰীক্ষামূলকভাৱে হাতত লোৱা এই প্ৰয়াসৰ প্ৰথম পৰ্যায়ত পেলনীয়া প্লাষ্টিকৰ বটলেৰে এটা আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছে।

পেলনীয়া প্লাষ্টিকৰ বটলেৰে গৃহ নিৰ্মাণৰ বাবে মাজুলীত লোৱা পদক্ষেপ হৈছে ৰাজ্যৰ ভিতৰতে এনেধৰণৰ প্ৰথমটো প্ৰয়াস। ইতিমধ্যে মাজুলী জিলা প্ৰশাসনে ইয়াৰ বাবে বাছনি কৰিছে চিলাকলা গাঁও পঞ্চায়ত এলেকাৰ কাকৰিকটা-পাবনা গাঁৱৰ অংগনৱাড়ী কেন্দ্ৰক। এই সমগ্ৰ প্ৰকল্প-পৰিকল্পনাক নেতৃত্ব দিয়া মাজুলীৰ উপায়ুক্ত কৈৰীয়ে যোৱা ২৫ ডিচেম্বৰত কাকৰিকটা-পাবনা অংগনৱাড়ী কেন্দ্ৰত প্লাষ্টিকৰ বটলেৰে নিৰ্মাণ কৰিবলৈ লোৱা নতুন গৃহৰ লাইখুঁটা আনুষ্ঠানিকভাৱে স্থাপন কৰাৰ পাছত এই অভিনৱ শৈলীৰ গৃহ নিৰ্মাণ কাৰ্য ক্ষিপ্ৰতাৰে আগবাঢ়িছে।

উল্লেখ্য যে আফ্ৰিকাৰ দেশসমূহৰ লগতে ফিলিপাইনছৰ গ্ৰামাঞ্চলত বহুল ব্যৱহৃত এই গৃহনিৰ্মাণ পদ্ধতিৰে ইতিমধ্যে ভাৰতৰ ভিতৰত কৰ্ণাটকৰ দুই-এক স্থানতো পৰীক্ষামূলক ভিত্তিত কিছুসংখ্যক ঘৰ নিৰ্মাণ কৰা হৈছে। প্লাষ্টিকৰ আৱৰ্জনাসৃষ্ট ভয়াৱহ প্ৰদূষণৰ মাত্ৰা হ্ৰাসৰ ক্ষেত্ৰত ফলপ্ৰসূ অৰিহণা যোগাব পৰা এই গৃহনিৰ্মাণ শৈলীৰ অধীনত আধা লিটাৰ-এক লিটাৰৰ খোৱাপানীৰ পেলনীয়া প্লাষ্টিকৰ পানীৰ বটলসমূহ সংগ্ৰহ কৰি ভিতৰত বালি ভৰাই একো একোটা ‘প্লাষ্টিক-বটল ইটা’ৰূপে ব্যৱহাৰ কৰা হয়।

স্বাভাৱিক ইটাৰ দৰেই এই বালিভৰ্তি প্লাষ্টিক-বটল ইটাকো চিমেণ্ট মচলাৰে ব্যৱহাৰ কৰি ঘৰৰ দেৱালৰ গাঠনি কৰা হয়। ‘কিশলয় প্ৰকল্প”ৰ অধীনত নিৰ্মাণ কৰা কাকৰিকটা-পাবনা গাঁও অংগনৱাড়ী কেন্দ্ৰৰ গৃহটো সম্পূৰ্ণ কৰিবলৈ প্ৰায় ২০ হেজাৰৰ পৰা ২৫ হেজাৰ প্লাষ্টিক-বটল ইটাৰ প্ৰয়োজন হ’ব বুলি জানিব পৰা গৈছে।













