ASSAM TIMES POST
বিশেষ প্ৰতিবেদক
সোণোৱাল মন্ত্ৰীসভাত ৰাজহ আৰু শক্তি দপ্তৰৰ স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰি দেওবাৰে নিজ সমষ্টি মাহমৰালৈ গৈছিল যোগেন মহন। কিন্তু মন্ত্ৰী হিচাপে নিজ সমষ্টিত প্ৰথম পদাৰ্পণ সুখকৰ নহ’ল যোগেন মহনৰ। সমষ্টিলৈ ঘূৰি অহাৰ সময়তে নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে ক’লা পতাকাৰ সন্মুখীন হয় মন্ত্ৰী মহন। গৌৰীসাগৰত আছুসহ বিভিন্ন দল-সংগঠনে ক’লা পতাকা জোকাৰি বিজেপি গ’-বেক, ‘কা’ আমি নামানো আদি বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে।













