ASSAM TIMES POST
স্পৰ্টছ ডেস্ক
ৰোহিত শৰ্মাৰ বিস্ফোৰক শতকেৰে শক্তিশালী অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে চলিত এদিনীয়া শৃংখলাৰ তৃতীয়খন মেচত জয়েৰে শৃংখলা দখল ভাৰতৰ। দেওবাৰে বাংগালুৰুত অনুষ্ঠিত অন্তিমখন মেচত অষ্ট্ৰেলিয়াই বান্ধি দিয়া ২৮৭ ৰাণৰ লক্ষ্য অনুসৰণ কৰি ১৫টা বল বাকী থকা অৱস্থাত ৭ উইকেটত বিজয় সাব্যস্ত কৰে কোহলি বাহিনীয়ে।
উল্লেখ্য যে ভাৰতীয় দলৰ অপেনিং বেটছমেন শিখৰ ধৱনৰ অনুপস্থিতিত কে এল ৰাহুল আৰু ৰোহিত শৰ্মাই প্ৰথম উইকেটৰ যুটিত ৬৯ ৰাণ যোগ দিয়ে। ৰোহিত শৰ্মাই ব্যক্তিগতভাৱে ১১৯ ৰাণৰ বৰঙণি আগবঢ়ায়। আনহাতে, অধিনায়ক বিৰাট কোহলিয়ে ৮৯ ৰাণৰ এক গুৰুত্বপূৰ্ণ ইনিংছ উপহাৰ দিয়ে।
টচত জিকি প্ৰথমে বেটিত নমা অষ্ট্ৰেলিয়াই মিডল অৰ্ডাৰ বেটছমেন ষ্টিভেন স্মিথৰ সৰ্বাধিক ১২৩ ৰাণৰ সহায়ত ভাৰতৰ সন্মুখত ২৮৭ ৰাণৰ লক্ষ্য বান্ধি দিয়ে। ইয়াৰ পূৰ্বৰ দুখন মেচৰ ৱাংখাড়েত অনুষ্ঠিত প্ৰথমখন এদিনীয়াত ভাৰত ১০ উইকেটত পৰাজিত হোৱাৰ বিপৰীতে ৰাজকৈটৰ দ্বিতীয় এদিনীয়া ৩৪ ৰাণত জয়ী হৈ ভাৰতে শৃংখলাত সমতা স্থাপন কৰিছিল। চলিত বর্ষটোত ভাৰতৰ এয়া দ্বিতীয় শৃংখলা জয়।













