ASSAM TIMES POST
ডিফুঃ অহা ইং ৮ আৰু ৯ ফেব্ৰুৱাৰীত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ডিফুৰ পাণবাৰী ব্ৰক্ষ্মজ্যোতি মন্দিৰ প্ৰাংগণত অনুষ্ঠিত হ’ব ক্ৰমে কাৰবি আংলং জিলা ব্ৰক্ষ্ম কমিটিৰ ৬৯ সংখ়্যক বাৰ্ষিক সন্মিলন, কাৰবি আংলং জিলা ব্ৰক্ষ্ম ধৰ্ম ইয়ুথ ফ’ৰামৰ ১৭ সংখ্যক বাৰ্ষিক সন্মিলন আৰু ব্ৰক্ষ্ম ধৰ্ম কমিটি ডিফু আঞ্চলিকৰ গৌৰৱোজ্জল ৰূপালী জয়ন্তী উদযাপন কাৰ্যসূচী৷
এই লৈ আজি সমিতি কেইখনৰ যৌথ উদ্যোদত সমিতিয়ে পানবাৰী ব্ৰক্ষ্মজ্যোতি মন্দিৰ প্ৰাংগন তথা ৰে’ল আলিৰ কাষত বৈদিক যজ্ঞ আৰু প্ৰথাৰে পূজা অৰ্চনা কৰি বাৰ্ষিক সন্মিলন আৰু ৰূপালী জয়ন্তীৰ লাঁইখুটাডাল ৰোপন কৰে৷ লাঁইখুটা ৰোপন কৰে অভ্যৰ্থনা সমিতিৰ কাৰ্যকৰী সভাপতি ৰবিন ব্ৰক্ষ্মই৷
লাঁইখুটা ৰোপন কৰাত তেওঁক অভ্যৰ্থনা সমিতিৰ অনান্য বিষয়ববীয়া সকলে সহযোগ কৰে৷ উদ্যোক্তা সকলে সাংবাদিকক জানিব দিয়া অনুসৰি অহা ৮ আৰু ৯ ফেব্ৰুৱাৰীৰ বৰ্ণাঢ্য কাৰ্যসূচীত কাৰবি আংলঙৰ বিভিন্ন প্ৰান্তৰ লগতে বাহিৰৰ ভক্ত প্ৰাণ সকলেও অংশ গ্ৰহণ কৰিব৷ তাত ব্ৰক্ষ্ম ধৰ্মৰ ওপৰত বিস্তৃত আলোচনা হ’ব আৰু সমিতিৰ পৰৱৰ্তী কাৰ্যপন্থা গ্ৰহণ কৰা হ’ব৷












