
সোমবাৰে হোৱা ধুমুহা-বৰষুণৰ ফলত গুৱাহাটীত হ্ৰাস পাইছে সৰ্বোচ্চ তাপমাত্ৰা। যাৰ বাবে সোমবাৰে জাৰি কৰা গুৱাহাটীত চাৰিদিনৰ বিদ্যালয় বন্ধৰ (Four-day school closed in Guwahati) নিৰ্দেশ বাতিল (Order cancelled) কৰিছে মহানগৰ প্ৰশাসনে (Metropolitan administration)। আজি কামৰূপ মহানগৰ জিলা প্ৰশাসনে জাৰি কৰা নিৰ্দেশনা অনুসৰি বুধবাৰৰ পৰা মহানগৰীৰ অন্তৰ্গত সকলো চৰকাৰী আৰু বেচৰকাৰী বিদ্যালয় পুনৰ খুলিব।

অৱশ্যে ইয়াৰ পূৰ্বে জাৰি কৰা নিৰ্দেশ অনুসৰিয়ে বুধবাৰৰ পৰা পুৱা বিদ্যালয়সমূহৰ পাঠদান পুৱা ৭.৩০ বজাৰ পৰা দিনৰ ১২.৩০ বজালৈকে চলিব। উল্লেখ্য যে সোমবাৰে কামৰূপ মহানগৰ জিলাৰ চৰকাৰী-বেচৰকাৰী সকলো বিদ্যালয় ২৪-২৭ ছেপ্টেম্বৰলৈ বন্ধৰ নিৰ্দেশ দিছিল সৰ্বশিক্ষা অভিযানৰ গুৱাহাটী মহানগৰ জিলা মিছন সমন্বয়কে।













