
গৰমে দহাৰ পিছত এইবাৰ বৰষুণৰ আগজাননী (Forecast of rain)। বিগত কেইদিনমানত সৰ্বোচ্চ তাপমাত্ৰাই অভিলেখ সৃষ্টিৰ পিছত এইবাৰ বৰষুণৰ ভৱিষ্যদ্বাণী কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰ (Regional Meteorological Centre)ই। গুৱাহাটী বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুযায়ী আগন্তুক দুদিন ৰাজ্যত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। যাৰ বাবে বতৰ বিজ্ঞান কেন্দ্ৰই সমগ্ৰ ৰাজ্যতে কমলা ৰঙৰ সতৰ্কবাণী (Orange alert) জাৰি কৰিছে।

এই দুদিনত ৰাজ্যৰ ঠায়ে ঠায়ে ধাৰাসাৰ বৰষুণৰ লগতে কিছু ঠাইত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হ’ব। মঙলবাৰেও কেইবাখনো জিলাত বৰষুণ হোৱাৰ ভৱিষ্যদ্বাণী কৰিছে বতৰ বিজ্ঞান বিভাগে। এই সময়ছোৱাত কামৰূপ মহানগৰ জিলাৰ উপৰি তিনিচুকীয়া, ডিব্ৰুগড়, হোজাই আৰু ধেমাজি জিলাত ৭.৬ মিলিমিটাৰৰ পৰা ৩৫ মিলিমিটাৰলৈকে বৰষুণৰ সম্ভাৱনা ব্যক্ত কৰিছে। ইয়াৰ উপৰি গুৱাহাটী মহানগৰীত সৰ্বোচ্চ তাপমাত্ৰা হ্ৰাস হ’ব বুলিও উল্লেখ কৰিছে। বুধবাৰৰ পৰা মহানগৰীত হ্ৰাস পাব সৰ্বোচ্চ তাপমাত্ৰা। বুধবাৰৰ পৰা ৩০ ছেপ্টেম্বৰলৈকে গুৱাহাটীৰ সৰ্বোচ্চ তাপমাত্ৰা ৩০-৩২ ডিগ্ৰী চেলচিয়াছ থাকিব বুলি প্ৰকাশ কৰিছে।













