ASSAM TIMES POST
ডিফুঃ ডিফু চহৰৰ অপায়-অমংগল দূৰীকৰণৰ স্বাৰ্থত আজি কাৰবি পৰাম্পৰাগত ৰংকেৰ পূজা সম্পন্ন কৰা হয় ৷ গ্ৰেটাৰ বাজাৰ কমিটি আৰু ডিফু বজাৰ ৰংকেৰ পূজা সমিতিৰ উদ্যোগত আজি কাৰবি আংলং জিলাৰ সদৰ চহৰ ডিফুত ৰংকেৰ পূজা সম্পন্ন কৰা হয় ৷ কাৰবি সকলৰ জন বিশ্বাসমতে এই পূজা সম্পন্ন কৰিলে গাঁৱৰ অপায়- অমংগল, বাধা-বিঘিনি আদিৰ প্ৰতিকাৰ হয় ৷ এই পূজাত কাৰবি সকলৰ আৰাধ্য গুৰু হেম্ফু মুক্ৰাং ৰাচিংজাৰ সন্তুষ্টিৰ বাবে পূজাৰী সকলে পূজা কৰে ৷

মূলতে এই পূজা গাঁও সমুহতে অধিক প্ৰচলিত যদিও ডিফু চহৰৰ অপায় -অমংগল ,শান্তি, সম্প্ৰিতীৰ বাবে যোৱা ৩ বছৰৰ পৰা চহৰখনত ৰাজহুৱা ভাবে সম্পন্ন কৰি থকা হৈছে এই পূজা ৷ এই উপলক্ষে আজি চহৰৰ হৃদয়স্থলীত ৫ টা থান ক্ৰমে, ডিফু, ইংলংকিৰি, ইংলং কেহাই আৰু ধৰম থানত ৰংকেৰ পূজা কৰি প্ৰভু হেম্ফু মুক্ৰাং ৰাচিংজাৰ নামত ছাগলী, বগা আৰু ৰঙা ৰঙৰ কুকুৰা উচ্ছৰ্গা কৰা হয় ৷ ডিফু বজাৰ ৰংকেৰ পূজা উদযাপন সমিতিৰ সভাপতি মংগল চিং ৰংফাৰ আৰু গ্ৰেটাৰ ডিফু বজাৰ কমিটিৰ সভাপতি তথা ডিফু বজাৰ ৰংকেৰ পূজা সমিতিৰ বিত্ত সচিব বিৰেণ ৰংপিয়ে সাংবাদিকৰ আগত কয়যে, এই পূজা পূৰ্বৰে পৰা জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলোৰ শান্তি আৰু মংগলৰ বাবে কৰা হৈ আছে আৰু ভৱিষ্যতেও হৈ থাকিব ৷

ডিফু চহৰৰ ব্যৱসায়ী সকলৰ যি কোনো ধৰণৰ অসূয়া বিপত্তি দুৰী কৰণৰ বাবে আজি প্ৰভু হেম্ফু মুক্ৰাঙৰ ওচৰত প্ৰাৰ্থনা জনোৱা হৈছে বুলি কয় ৷ গ্ৰেটাৰ বাজাৰ কমিটি ডিফুৰ সভাপতি বীৰেণ ৰংপি মঙলচিং ৰংফাৰৰ লগতে পূজা উদযাপন সমিতিৰ অনান্য সকলে আৰু অনান্য সদস্য সকলে পূজা অৰ্চনাত পূৰ্ণ সহযোগিতা আগবঢ়ায় ৷ ভক্তপ্ৰাণ সকলে পূজাৰ মহাপ্ৰসাদ গ্ৰহণ কৰি প্ৰভু হেম্ফুৰ আশীৰ্বাদ গ্ৰহণ কৰে ৷












