
জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদ (Terrorism in Jammu and Kashmir) বন্ধ নকৰিলে ভাৰতে পাকিস্তানৰ সৈতে কোনো ধৰণৰ আলোচনা ( India has any talks with Pakistan)ত নবহে। গৃহমন্ত্ৰী অমিত শ্বাহে (Amit Shah) এক নিৰ্বাচনী সভাত এই কথা স্পষ্ট কৰি দিয়ে। নৌশ্বেৰাত অনুষ্ঠিত সভাত পাকিস্তানক সকীয়াই দিয়াৰ উপৰি বিৰোধী মিত্ৰজোঁট নেচনেল কনফাৰেন্স আৰু কংগ্ৰেছকো আক্ৰমণ কৰে। এন চিয়ে ৩৭০ নং অনুচ্ছেদ ঘূৰাই অনাৰ দাবী যিদৰে উত্থাপন কৰিছে তাৰো গৰিহণা দিয়ে অমিত শ্বাহে।

আনহাতে, এন চি নেতা ফাৰুক আব্দুল্লাক পোনপটীয়াকৈ আক্ৰমণ কৰি অমিত শ্বাহে কয়, “ফাৰুক চাহাব, কোনেও ৩৭০ অনুচ্ছেদ ঘূৰাই আনিব নোৱাৰে। যিসকলে শ্বেখ আব্দুল্লাৰ পতাকা ঘূৰাই আনিব বিচাৰে, তেওঁলোকে জানে যে জম্মু-কাশ্মীৰত কেৱল ত্ৰিৰংগাহে উৰিব।” মোডী চৰকাৰৰ দিনত কাশ্মীৰৰ উন্নতিৰ কথা দাবী কৰি গৃহমন্ত্ৰীয়ে কয়, “এতিয়া ইয়াত বাংকাৰৰ প্ৰয়োজন নাই। কাৰণ আৰু কোনেও গুলী চলাবলৈ সাহস নকৰে।” তাৰ পিছত তেওঁ পাকিস্তানলৈ আঙুলিয়াই কয়, “যদি সিফালৰ পৰা অগ্নি বৰষে, তেন্তে জুইৰ উত্তৰ জুইৰেই দিয়া হ’ব।”
লগতে অমিত শ্বাহে স্পষ্ট কৰি দিয়ে, “সন্ত্ৰাসবাদ নিৰ্মূল নোহোৱালৈকে ভাৰতে পাকিস্তানৰ সৈতে কোনো ধৰণৰ আলোচনাত নবহে। তেওঁ লগতে কয়, “তেওঁলোকে (বিৰোধীয়ে) বিচাৰে আমি পাকিস্তানৰ সৈতে কথা পাতোঁ। স্পষ্টকৈ ক’বলৈ গ’লে সন্ত্ৰাসবাদ নিৰ্মূল নোহোৱালৈকে আমি পাকিস্তানৰ সৈতে কথা নাপাতো। আমি পাকিস্তানৰ নহয়, জম্মু-কাশ্মীৰৰ যুৱক-যুৱতীসকলৰ সৈতে কথা পাতিম। তেওঁলোকে (বিৰোধীয়ে) সন্ত্ৰাসবাদীক জে’লৰ পৰা মুকলি কৰি দিব বিচাৰে। মোডীজীৰ আগমনৰ পিছত এজন এজনকৈ সন্ত্ৰাসবাদীক দমন কৰা হৈছে। কোনো সন্ত্ৰাসবাদী, কোনো শিলগুটি নিক্ষেপকাৰীক ৰেহাই দিয়া নহ’ব। বিজেপিয়ে প্ৰতিশ্ৰুতি দিছে যে জম্মু-কাশ্মীৰত কোনো সন্ত্ৰাসবাদীয়ে জে’লৰ বাহিৰত নাথাকে।”










