
ৰাজ্যত চলি থকা প্ৰচণ্ড গ্ৰীষ্মপ্ৰবাহ (Heavy Summer Flow)ৰ প্ৰতি লক্ষ্য ৰাখি মঙলবাৰৰ পৰা গুৱাহাটী (in Guwahati)ৰ সকলো বিদ্যালয় আগন্তুক চাৰি দিনৰ বাবে বন্ধ (School closed for four days) ঘোষণা সৰ্বশিক্ষা অভিযানৰ। সোমবাৰে সমগ্ৰ শিক্ষা অভিযান কামৰূপ মহানগৰে জাৰি কৰা নিৰ্দেশনা অনুসৰি, ২৪ ছেপ্টেম্বৰ পৰা ২৭ ছেপ্টেম্বৰলৈকে গুৱাহাটী মহানগৰীৰ বিদ্যালয়সমূহ বন্ধ থাকিব।

কামৰূপ মহানগৰ জিলাৰ অধীনস্থ সকলো চৰকাৰী, প্ৰাদেশীকৃত তথা ব্যক্তিগত বিদ্যালয় তাপমাত্ৰা বৃদ্ধিৰ বাবে এই চাৰি দিন বন্ধ থাকিব বুলি জাননীখনত কোৱা হৈছে। উল্লেখ্য যে ইয়াৰ পূৰ্বে ২১ ছেপ্টেম্বৰৰ পৰা কাৰ্যকৰী হোৱাকৈ কামৰূপ মেট্ৰোকে ধৰি ৰাজ্যৰ কেইবাখনো জিলাৰ বিদ্যালয়সমূহৰ পাঠদানৰ সময়সূচী সলনি কৰি পুৱা ৭.৩০ বজাৰ পৰা ১২.৩০ বজালৈকে কৰা হৈছিল ।













