ASSAM TIMES POST
নিউজ ডেস্ক
মুম্বাইত এক পথ দুর্ঘটনাত গুৰুতৰভাৱে আহত হৈছে কিংবদন্তি অভিনেত্রী শ্বাবানা আজমী। আজি বিয়লি সংঘটিত হয় এই দুৰ্ঘটনাটো।
আৰক্ষী সূত্ৰে জানিব পৰামতে, মুম্বাই-পুনে হাইৱেত আজি বিয়লি দুর্ঘটনাত পতিত হয় শ্বাবানা আজমী আৰু তেওঁৰ স্বামী প্ৰসিদ্ধ গীতিকাৰ জাভেদ আখতাৰ।
সংবাদ সংস্থাৰ খবৰ অনুযায়ী, বিয়লি চাৰে তিনি বজাত মুম্বাইৰ পৰা প্রায় ৬০ কিলোমিটাৰ দূৰত্বৰ খালাপুৰত এখন ট্রাকে তীব্ৰ বেগত আহি সন্মুখৰ পৰা তেওঁলোকৰ গাড়ীত খুন্দা মাৰে। দুৰ্ঘটনাটোৰ ফলত জাভেদ আখতাৰ আহত হোৱাৰ পৰা সৌভাগ্যক্ৰমে ৰক্ষা পৰে যদিও গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় অভিনেত্ৰীগৰাকী।
দুৰ্ঘটনাৰ তীব্ৰতা ইমানেই বেছি আছিল যে তেওঁলৈকৰ গাড়ীখনৰ সন্মুখভাগ ভিতৰলৈ সোমাই যায়। দুৰ্ঘটনাৰ খবৰ পোৱা মাত্ৰকে ঘটনাস্থলীত উপস্থিত হয় ৰায়গড় আৰক্ষী।
আৰক্ষীয়ে জনোৱা মতে, শ্বাবানাক নবী মুম্বাইয়ৰ এমজিএম হাস্পতালত ভর্তি কৰোৱা হৈছে। তাতেই তেওঁৰ চিকিৎসা আৰম্ভ হৈছে।













