ASSAM TIMES POST
নিউজ ডেস্ক
পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া শিক্ষাৰ্থীসকলৰ সৈতে ২০ জানুৱাৰী, সোমবাৰে পুৱা ‘চৰ্চা’ কৰিব প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। ঠিক একে সময়তে দিল্লীত বিজেপিৰ মুখ্য কাৰ্যালয়ত অন্য এক পৰীক্ষাৰ পৰিৱেশ। বিজেপিৰ সৰ্বভাৰতীয় সভাপতি পদত অমিত শ্বাহৰ উত্তৰসুৰী নিৰ্বাচনৰ পৰ্ব চলিব সেই একেটা দিনতে।
সমগ্ৰ দেশৰ অৰ্ধেকৰো বেছি ৰাজ্যত বিজেপিৰ সভাপতি নিৰ্বাচনৰ পিছত আজি দলৰ তৰফৰ পৰা ঘোষণা কৰা হয় যে ২০ জানুৱাৰীৰ পুৱা ১০ বজাৰ পৰা আৰম্ভ হ’ব সৰ্বভাৰতীয় সভাপতি পদত নিৰ্বাচনৰ বাবে ভোট প্ৰক্ৰিয়া। মনোনয়ন জমা দিয়া প্ৰক্ৰিয়া চলিব পুৱা ১০টাৰ পৰা দিনৰ ১২ বজালৈ। মনোনয়ন-পত্ৰ পৰীক্ষা কৰা হ’ব দিনৰ ১.৩০ বজা পৰ্যন্ত। আনহাতে, মনোনয়ন-পত্ৰ প্ৰত্যাহাৰ প্ৰক্ৰিয়া চলিব দিনৰ ২.৩০ বজালৈ। যদি একাধিক প্ৰাৰ্থীয়ে মনোনয়ন-পত্ৰ প্ৰদান কৰে আৰু সেইবোৰ বৈধ বিবেচিত হয়, সেই ক্ষেত্ৰত ভোটদানৰ প্ৰয়োজন হ’লে পৰৱৰ্তী দিন, ২১ জানুৱাৰীত পুৱা ১০ বজাৰ পৰা ২ বজালৈ হ’ব ভোটদান প্ৰক্ৰিয়া। ইয়াৰ বাবে বিজেপিৰ সকলো ৰাজ্যৰ সভাপতিসহ শীৰ্ষ নেতাসকলক দিল্লীলৈ তলব কৰা হৈছে।
উল্লেখ্য যে বিজেপিৰ শিবিবৰৰ পৰা ইংগিত পোৱা মতে, অমিত শ্বাহৰ উত্তৰসুৰী হিচাপে অভিষেক ঘটাবলৈ আগবাঢ়িছে জে পি নাড্ডা। শেষ মুহূৰ্তত কোনো ‘অঘটন’ নঘটিলে নাড্ডাৰ বাদে আন কোনোৱে মনোনয়ন-পত্ৰ প্ৰদান কৰাৰ কথাও নাই। ফলত ভোটদান প্ৰক্ৰিয়াৰ পৰিস্থিতি সৃষ্টি হোৱাৰো কোনো সম্ভাৱনা নাই। সেয়েহে সোমবাৰেই নতুন সভাপতিৰ নাম ঘোষণা হোৱাৰ সম্ভাৱনা অধিক। অৱশ্যে বিজেপিৰ অনেকৰ মতে, আৰু এদিন পিছতহে দায়িত্ব পাব নতুন সভাপতিয়ে। সেইদিনা প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীও উপস্থিত থাকিব পাৰিব।
ইমান দিনে বিজেপিত সমীকৰণ আছিল, চৰকাৰৰ শীৰ্ষত নৰেন্দ্ৰ মোডী, দলৰ শীৰ্ষত অমিত শ্বাহ। অমিত শ্বাহৰ হাতৰ পৰা সভাপতিৰ পদ গুচি গ’লে তেওঁৰ ভূমিকা কি হ’ব? তেওঁ কি প্ৰধান মন্ত্ৰীৰ অধীনত আন পাঁচজন শীৰ্ষ মন্ত্ৰীৰ দৰে কেৱল গৃহ মন্ত্ৰণালয়ে চম্ভালিব? নে ইয়াৰ উপৰি দলত তেওঁৰ অন্য ভূমিকা থাকিব?
বিজেপিৰ এক শীৰ্ষ নেতাৰ মতে, “এনেকুৱাকৈ ভবাৰ কোনো কাৰণ নাই যে নতুন কোনো সভাপতি হ’লে মোডী-শ্বাহ যুটিৰ প্ৰভাৱ কোনোবাখিনিত কমিব। সাম্প্ৰতিক বিধানসভা নিৰ্বাচনত স্পষ্ট হৈ গৈছে যে অমিত শ্বাহে আৰু সেইভাৱে ‘মাইক্ৰ’ মেনেজমেণ্ট’ৰ কামটো কৰিব নোৱাৰাত দলে কি ক্ষতিৰ সন্মুখীন হ’বলগা হৈছে ! ফলত গতি ধৰি ৰাখিবলৈ হ’লে অমিতৰ বিকল্প নাই।”













