ASSAM TIMES POST
নিউজ ডেস্ক
অসম বিজেপিৰ সভাপতি পদত পৰৱৰ্তী কাৰ্যকালৰ বাবে পুনৰ বাহাল থাকিব ৰঞ্জিত দাস। উল্লেখ্য যে সমগ্ৰ দেশৰ ৰাজ্যসমূহত বিজেপিৰ সভাপতি পদৰ নিৰ্বাচন প্ৰক্ৰিয়া আৰম্ভ হৈছে। অৰ্ধেকৰো অধিক ৰাজ্যত বিজেপিৰ সভাপতি নিৰ্বাচন প্ৰক্ৰিয়া সমাপ্ত হৈছে।
অসমতো শুকুৰবাৰে ৰাজ্যিক বিজেপিৰ সভাপতি পদৰ বাবে মনোনয়ন-পত্ৰ দাখিলৰ দিন ধাৰ্য কৰা হয়। কিন্তু ৰঞ্জিত দাসৰ বিপক্ষে সভাপতি পদৰ বাবে নপৰিল এখনো মনোনয়ন। ফলত অৱধাৰিতভাৱেই পৰৱৰ্তী কাৰ্যকালৰ বাবে ৰাজ্যিক বিজেপিৰ সভাপতি পদত ৰঞ্জিত দাস বাহাল থকাটো নিশ্চিত হৈ পৰে।
অৱশ্যে কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে পৰৱৰ্তী সময়ত অসমলৈ আহি ৰাজ্যিক বিজেপিৰ নতুন সভাপতি হিচাপে ৰঞ্জিত দাসৰ নামটো আনুষ্ঠানিকভাৱে ঘোষণা কৰালৈ এতিয়া অপেক্ষা।













