ASSAM TIMES POST
স্পৰ্টছ ডেস্ক
ৱাংখাড়েৰ বিপৰ্যয়ৰ পিছত ৰাজকোটত পুনৰ ছন্দলৈ উভতিল টীম ইণ্ডিয়া। শুকুৰবাৰে ৰাজকোটত আছিল ভাৰতীয় ক্ৰিকেট দলৰ বাবে ‘কৰেংগে য়া মৰেংগে’ পৰিস্থিতি। কিয়নো অষ্ট্ৰেলিয়াৰ বিপক্ষে চলি থকা তিনিখনীয়া এদিনীয়া শৃংখলাৰ প্ৰথমখন মেচত ভাৰতীয় দলৰ বেটিং-বলিঙক এক প্ৰকাৰ বিদ্ৰুপ কৰি দহ উইকেটত বিজয় সাব্যস্ত কৰিছিল কেংগেৰু বাহিনীয়ে। ফলত শৃংখলাত ১-০ৰ অগ্ৰগতি লাভ কৰে ফিন্স বাহিনীয়ে। অৱধাৰিতভাৱেই ৰাজকোটৰ দ্বিতীয়খন মেচ ভাৰতৰ বাবে হৈ পৰিছিল শৃংখলাত বৰ্তী থকাৰ বাবে প্ৰত্যাহ্বান। কিন্তু সেই প্ৰত্যাহ্বান গ্ৰহণ কৰাই নহয়, নিজে সেনাপতিৰ দায়িত্ব পালন কৰি অন্য সেনা নায়কসকলৰ সৈতে অষ্ট্ৰেলিয়া বধত নামি পৰে আৰু ৩৬ ৰাণত বিজয় সাব্যস্ত কৰি ১-১ত সমতা স্থাপন কৰাৰ লগতে শৃংখলা জীৱিত কৰি ৰাখে।
প্রত্যাশিতভাৱেই তিনি নম্বৰতেই নামি কোহলিয়ে নিজৰ ইনিংছৰ আৰম্ভণিতেই জাম্পাক পাইছিল। কিন্তু জাম্পাই তেওঁৰ দুর্গত কোনো ছিদ্র বিচাৰি পোৱা নাছিল। ঋষিসুলভ ভঙ্গীত চম্ভালিছিল লেগস্পিনাৰগৰাকীক। বুজাই দিছিল, অহং বোধক প্রাধান্য দি হঠকাৰী কোনৈ শ্বট নেখেলে। লাগিলে জাম্পাই যিমানেই তেওঁৰ আত্মসন্মানত আঘাত নকৰক কিয়। কোহলিয়ে (৭৬ বলত ৭৮) ইনিংছ গঢ়িছিল, উপযুক্ত সময়ত অষ্ট্ৰেলিয়াৰ সৰ্বশ্ৰেষ্ঠ ফাষ্ট বলাৰ পেট কমিন্সক স্বপ্নৰ কভাৰ ড্রাইভ মাৰিছিল। আৰু ভাৰতক ৩৬ ৰাণত জয়ী কৰাই শৃংখলা ১-১ কৰাত সহায় কৰিছিল।
কোহলিৰ অৱশ্যে যেন পিছ নেৰা হৈছে জাম্পাই। পঞ্চমবাৰৰ বাবে তেওঁ জাম্পাৰ বলতেই আউট হ’বলগা হয়। অৱশ্যে কোহলিৰ উইকেটো জাম্পাক এক প্ৰকাৰ উপহাৰ হিচাপে প্ৰদান কৰিছিল ফিল্ডাৰ এষ্টন এগাৰে। স্ক’ৰবোর্ডত অৱশ্যে দেখা যাব কোহলি কট ষ্টার্ক বল জাম্পা। যিয়ে খেলখন উপভোগ কৰিছে তেওঁ দেখিছে, এই ‘ৰিলে কেছ’ৰ প্ৰকৃত নায়ক এগাৰেই। কোহলিৰ কেছটো লং অফৰ বাউণ্ডাৰী লাইনত ধৰাৰ সময়ত এগাৰে যেতিয়া ভাৰসাম্য হেৰুৱাইছিল, তেওঁ বলটো দলিয়াই দিলয় ষ্টার্কৰ দিশে।
সেনাপতি কোহলিয়ে শুকুৰবাৰে লাভ কৰিছিল দুজন পাকৈত সৈনিকক। প্রথমে শিখৰ ধৱন (৯০ বলত ৯৬)। তাৰ পিছত কে এল ৰাহুল। কিন্তু অষ্ট্ৰেলিয়াৰ বিপক্ষে আৰু এটা কথা হয় ধৱনৰ। বেট কৰি থাকোঁতে তেওঁ আঘাত পায়। বিশ্বকাপত শতক অৰ্জন কৰিছিল ভঙা আঙুলি লৈয়ে। শুকুৰবাৰেও দশম অভাৰত পেট কমিন্সৰ বলত পোৱা আঘাত লৈয়ে খেলি যায়। অৱশ্যে বেটিং কৰিলেও তেওঁ পৰৱৰ্তী সময়ত ফিল্ডিং কৰিবলৈ নানামে।
ৱাংখাড়েৰ পিছত ৰাষ্ট্ৰীয় আলোচনাত আহে কে এল ৰাহুল। তেওঁৰ বাবে নিজৰ স্থানো এৰি দিছিল স্বয়ং কোহালিয়ে। কাৰোবাৰ কাৰোবাৰ ওচৰত সেয়েহে তেওঁ প্রায় খলনায়ক হৈ উঠিছিল। ৰাহুলৰ কামটো কালি আৰু কঠিন হৈ যায় তেওঁৰ বেটিং অর্ডাৰৰ বাবে। অপেনাৰৰ পৰা তিনি নম্বৰ, তাৰ পিছত একেবাৰে পাঁচ নম্বৰত। ৰাহুলে যেতিয়া বেটিং কৰিবলৈ নামে, তেতিয়া ৩২ অভাৰৰ খেল হৈ গৈছে। ইয়াৰ কিছু সময় পিছতে পেভিলিয়নমুখী হয় কোহলি। ভাৰতে তেতিয়া ৩০০ ৰাণ পাৰ কৰি কিমান দূৰ যাব পাৰিব, তাক লৈ আলোচনা আৰম্ভ হৈ গৈছে। ৰাজকোটৰ পিটচত নিৰাপদ স্ক’ৰ বিচাৰি উলিওৱাটো অতি কঠিন কাম। কিন্তু সেই কামটো যিমান পাৰি সম্ভৱ সহজ কৰিবলৈ আৰম্ভ কৰে ৰাহুলে। তেওঁৰ ৫২ বলত ৮০ ৰাণ দেখি মুগ্ধ মাইকেল শ্লেটাৰৰ দৰে প্রাক্তন অষ্ট্ৰেলিয়ান বেটছমেন। ইনিংছ বিৰতিত তেওঁ কয়, ‘‘অষ্ট্ৰেলিয়াৰ কামটো কঠিন কৰি থৈ গ’ল ৰাহুলে।’’
ইফালে ৱাংখাড়েত অষ্ট্ৰেলিয়াৰ এটাও উইকেট পেলাব পৰা নাছিল ভাৰতীয় বলাৰসকলে। কিন্তু শুকুৰবাৰে যেন ধুই পেলায়, ১০টা উইকেটেই। আৰম্ভণিৰে পৰা যশপ্রীত বুমৰাহৰ বলত সেই পুৰিণ চোক দেখা গৈছিল। প্রত্যাশিতভাৱেই ভাৰতীয় পেচাৰদ্বয়ৰ বলে আমনি কৰিবলৈ আৰম্ভ কৰে। আৰু অষ্ট্ৰেলিয়াৰ কাম কঠিন হৈ যাবলৈ ধৰে। স্মিথক পেভিলিয়নমুখী কৰি এদিনীয়া ক্রিকেটত এশটা উইকেট দখল কৰে কুলদীপ যাদৱে।
কিন্তু দুৰন্ত জয়ৰ দিনাও কোহলিৰ কপালত চিন্তাৰ ভ্রুকুটি দেখা যায়। কিয়নো তেওঁৰ দুয়োগৰাকী এপেনাৰেই যে আঘাতপ্ৰাপ্ত। ধৱন বেটিঙৰ সময়ত। ৰোহিত ফিল্ডিং কৰাৰ সময়ত। জয়ৰ মুহূর্ত উপভোগ কৰিবলৈ এই দুজনৰ এজনো নাছিল ষ্টেডিয়ামত।













