ASSAM TIMES POST
নিউজ ডেস্ক
আজি ৰাজ্যপালৰ দৰবাৰ হলত অসম মন্ত্ৰীসভাৰ নতুন মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে বিজেপিৰ দুই বিধায়কে। ৰাজ্যিক মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা মন্ত্ৰী দুগৰাকী হ’ল সঞ্জয় কিষাণ আৰু যোগেন মহন।
উল্লেখ্য যে সঞ্জয় কিষাণ হ’ল তিনিচুকীয়া সমষ্টিৰ আৰু যোগেন মহন হ’ল মাহমৰা সমষ্টিৰ বিধায়ক। ৰাজ্যপাল জগদীশ মুখীয়ে আনুষ্ঠানিকভাৱে শপত বাক্য পাঠ কৰোৱা অনুষ্ঠানটোত উপস্থিত থাকে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালকে ধৰি অসম মন্ত্ৰীসভাৰ কেইবাগৰাকীও জ্যেষ্ঠ মন্ত্ৰী।
চাহ জনজাতিক প্ৰতিনিধিত্ব কৰি সঞ্জয় কিষাণ আৰু আহোম জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰি যোগেন মহনে আজি অসম মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হয়। ইফালে বিগত লোকসভা নিৰ্বাচনত ক্ৰমে পল্লৱ লোচন দাস আৰু তপন গগৈ লোকসভালৈ নিৰ্বাচিত হোৱাৰ বাবে সঞ্জয় কিষাণ আৰু যোগেন মহনক তেওঁলোকৰ উত্তৰসুৰী হিচাপে চাহ জনজাতি আৰু আহোম জনগোষ্ঠীৰ প্ৰতিনিধি হিচাপে মন্ত্ৰীসভাত স্থান দিয়া বুলি সৰ্বত্ৰে চৰ্চা চলিছে।













