ASSAM TIMES POST
নিউজ ডেস্ক
দিল্লী চৰকাৰে হাইকোর্টক জনাইছিল, আইনী কাৰণত ২২ জানুৱাৰীত নিৰ্ভয়া-কাণ্ডৰ দোষীকেইজনক ফাঁচি দিয়া সম্ভৱ নহয়। তিহাৰ জে’ল কর্তৃপক্ষই নতুন দিন-তাৰিখ বিচাৰিছিল। ফলত নির্ভয়া কাণ্ডত নিম্ন আদালত জাৰি কৰা মৃত্যু পৰেৱানা নির্ধাৰিত দিনত কার্যকৰী হ’ব নে নহয়, তাকে লৈ অনিশ্চয়তাৰ সৃষ্টি হৈছিল। অৱশেষত সকলো জল্পনা-জটিলতাৰ ইতি পৰিল। জাৰি কৰা হ’ল নতুন মৃত্যু পৰোৱানা। সেই অনুযায়ী ফাঁচিৰ দিন-ক্ষণ ধার্য কৰা হৈছে ১ ফেব্রুৱাৰীৰ পুৱা ছয়টাত।













