ASSAM TIMES POST
নিউজ ডেস্ক
২২ জানুৱাৰীত মৃত্যুৰ পৰোৱানা কার্যকৰী কৰাৰ ৰায় এতিয়াও বাহাল আছে। কিন্তু তিহাৰ জেলে এইবাৰ নতুনকৈ ফাঁচিৰ দিন-ক্ষণ নির্ধাৰণ কৰাৰ আর্জি জনাইছিল। সকলো মিলি নির্ভয়া-কাণ্ডৰ চাৰি অপৰাধীৰ ২২ তাৰিখে ফাঁচি হ’ব নে নাই, তাক লৈ সৃষ্টি হৈছে আশংকাৰ। তাৰ মাজতেই শাস্তিপ্রাপ্ত মুকেশ সিঙৰ প্রাণভিক্ষাৰ আর্জি খাৰিজ কৰেন ৰাষ্ট্রপতি ৰামনাথ কোবিন্দে। বৃহস্পতিবাৰে নিশাই মুকেশৰ আর্জি খাৰিজ কৰাৰ চুপাৰিছ কৰি ৰাষ্ট্রপতিলৈ পাঠিয়াইছিল কেন্দ্রীয় গৃহ মন্ত্ৰণালয়ে।
উল্লেখ্য যে নিয়ম অনুযায়ী দিল্লীৰ ৰাজ্য চৰকাৰৰ গৃহ মন্ত্ৰণালয়ৰ ওচৰত প্রাণভিক্ষাৰ আর্জি জনাইছিল মুকেশে। গৃহ মন্ত্ৰণালয়ে ইয়াক খাৰিজ কৰি উপ-ৰাজ্যপালৰ ওচৰলৈ পঠিয়াইছিল। উপ-ৰাজ্যপালও একেই চুপাৰিছ কৰি কেন্দ্রীয় গৃহ মন্ত্ৰণালয়লৈ পঠিয়াইছিল। তাৰ পিছত গৃহ মন্ত্ৰণালয়ে পঠায় ৰাষ্ট্রপতিৰ ওচৰলৈ। নাম প্রকাশত অনিচ্ছুক গৃহ মন্ত্ৰণালয়ৰ এক বিষয়াই কয়, ‘‘মুকেশ সিঙৰ প্রাণভিক্ষাৰ আর্জি ৰাষ্ট্রপতিৰ ওচৰলৈ পঠিওৱা হৈছে। মন্ত্রণালয়ৰ পক্ষৰ পৰা পুনৰ দিল্লৰ উপ-ৰাজ্যপালৰ চুপাৰিছ (প্রাণভিক্ষাৰ আর্জি খাৰিজ) একেই ৰাখি ৰাষ্ট্রপতি ৰামনাথ কোবিন্দলৈ পঠিওৱা হৈছে।’’ তাৰ পিছত আজি পুৱাতেই সেই প্রাণভিক্ষাৰ আর্জি খাৰিজ কৰি চহী কৰে ৰাষ্ট্রপতি ৰামনাথ কোবিন্দে।
প্ৰণিধানযোগ্য যে বিগত ৭ জানুৱাৰীত দিল্লীৰ আদালতে চাৰি আচামীৰ মৃত্যু পৰোৱানা জাৰি কৰি কৈছিল, ২২ জানুৱাৰীৰ পুৱা ৭টাত তিহাৰ জে’লত দোষীকেইটাৰ ফাঁচি কার্যকৰী কৰা হ’ব। তাৰ পিছত ছুপ্রিম কোর্টত ৰায় সংশোধনৰ আর্জি (কিউৰেটিভ পিটিচন) জনায় দুই দণ্ডিত বিনয় শর্মা আৰু মুকেশে। কিন্তু সেই আর্জি খাৰিজ হৈ যায়।
তাৰ পিছত প্রাণভিক্ষাৰ আর্জি জনায় মুকেশে। লগেলগে দিল্লী হাইকোর্টত মৃত্যু পৰোৱানা খাৰিজৰ আবেদনো কৰে মুকেশে। মুকেশৰ উকীলৰ মন্তব্য আছিল, প্রাণভিক্ষাৰ আর্জি মঞ্জুৰ কৰিব পাৰে ৰাষ্ট্রপতিয়ে। সেয়েহে ২২ জানুৱাৰীৰ মৃত্যু পৰোৱানা ৰদ কৰা হওক। ইফালে দিল্লী চৰকাৰে আদালতক জনায়, সকলো আইনী বিকল্প শেষ হোৱাৰ পিছতো ১৪ দিন সময় দিয়া হয়। সেয়ে ২২ জানুৱাৰীত মৃত্যু পৰোৱানা কার্যকৰী কৰা সম্ভৱ নহয়। কিন্তু হাইকোর্টে সেই যুক্তি নুশুনে। বৰ মৃত্যু পৰোৱানাৰ মাজতো কোনো ভুল নাই বুলি জানিবলৈ দিয়ে।













