
মঙলবাৰে অচম্বিতে পদত্যাগ কৰে ঐতিহ্যমণ্ডিত কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভা (Cotton University, Students Union)ৰ সভাপতি হিমাংশু কুমাৰ দাসে (President Himanshu Kumar Das)। মঙলবাৰে তেওঁ পদত্যাগ (Resignation) কৰি বিশ্ববিদ্যালয়খনৰ পঞ্জীয়কৰ হাতত পদত্যাগ-পত্ৰ দাখিল কৰে। আনহাতে, নিজৰ পদত্য়াগ-পত্ৰ দাখিল কৰি উঠি বিশ্ববিদ্যালয় কর্তৃপক্ষৰ বিৰুদ্ধে ক্ষোভ উজাৰে ছাত্ৰ নেতাগৰাকীয়ে।

তেওঁ কয় যে কটনৰ পূৰ্বৰ পৰম্পৰা ভংগ কৰি ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক জাভেদ আখতাৰে কিছুদিন পূর্বে এটা ৰাজনৈতিক দলত যোগদান কৰে। ইয়াৰ পিছতে বিশ্ববিদ্যালয় ছাত্র একতা সভাৰ অন্যান্য বিষয়ববীয়াসকলে জাভেদৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণ কৰাৰ দাবী জনায়। কটনৰ সংবিধান মতে কোনো ৰাজনৈতিক দলৰ সদস্য ছাত্ৰ একতা সভাৰ বিষয়ববীয়া হ’ব নোৱাৰে বা কোনো পদত জয়ী হৈ ৰাজনৈতিক দলত যোগদান কৰিব নোৱাৰে। তেনে ক্ষেত্ৰত তেওঁ নিজৰ পদ হেৰুৱাব লাগিব।
সেয়ে এই সন্দৰ্ভত কটন বিশ্ববিদ্যালয় কর্তৃপক্ষক তেওঁ স্পষ্টভাৱে সোঁৱৰাই দিয়া বুলি উল্লেখ কৰি কয় যে বিশ্ববিদ্যালয় কর্তৃপক্ষই জাভেদ আখতাৰৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণৰ আশ্বাস দিছিল। কিন্তু কেইবামাহো উকলি যোৱাৰ পিছতো জাভেদ আখতাৰৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। যাৰ বাবে ছাত্ৰ একতা সভাৰ একাংশ বিষয়ববীয়া ক্ষুব্ধ হৈ পৰিছে। তাৰ বাবেই কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সভাপতি হিমাংশু কুমাৰ দাসে আজি পদত্যাগ কৰে বুলি উল্লেখ কৰে।













