ASSAM TIMES POST
নিউজ ডেস্ক
পাকিস্তানৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্র তথা ক্ষেপণাস্ত্র প্রযুক্তি চুৰিৰ অভিযোগ নতুন নহয়। এইবাৰ আমেৰিকাৰ পাৰমাণৱিক অস্ত্র তথা ক্ষেপণাস্ত্র প্রযুক্তি চুৰি কৰিবলৈ গৈ হাতে-লোটে ধৰা পৰিল পাকিস্তানৰ পাঁচ ব্যৱসায়ী। ৰাৱালপিণ্ডিৰ ‘বিজনেছ ৱর্ল্ড’ নামৰ সংস্থাটোৰ পাঁচজনকৈ বিষয়া আমেৰিকাত গ্রেপ্তাৰ কৰাৰ পিছত এতিয়া কূটনৈতিক মহলত তীব্র চাঞ্চল্যৰ সৃষ্টি হৈছো। উদ্বেগ বাঢ়িছে ভাৰততো।
মার্কিন অপৰাধ বিভাগৰ মতে, এই পাঁচজন কানাডা, হংকং আৰু ইংলেণ্ডত থাকে। আন্তর্জাতিক এটি চক্রৰ মাধ্যমেৰে তেওঁলোকে পাকিস্তান এটমিক এনাৰ্জী কমিছন (পিএইচি)-ক বিভিন্ন দেশৰ পৰা প্রযুক্তি সৰবৰাহ কৰে। আমেৰিকাৰ ৰাষ্ট্ৰীয় নিৰাপত্তা সংক্রান্তীয় এছিটেণ্ট এটর্নি জেনেৰেল জন চি ডেমাৰ্ছে এক বিবৃতিৰ জৰিয়তে জনাইছে, অভিযুক্তসকলে মার্কিন দেশৰ এনেকুৱা বস্তুৰ চোৰাং বেহা কৰিছে, যিটো পাকিস্তানৰ সৈতে আমেৰিকাৰ অস্ত্র চুক্তিৰ পক্ষে বিপজ্জনক।
উল্লেখ যে, ধৃত পাঁচজনৰ নাম কামৰান ৱালি (৪১), মহম্মদ এহচান ৱালি (৪৮), হাজী ৱালি মহম্মদ শেখ (৮২), আচৰফ খান মহম্মদ আৰু আহমেদ ৱাহিদ (৫২)। এওঁলোকৰ ভিতৰত কামৰান পাকিস্তানৰ বাসিন্দা। এহচান আৰু হাজী কানাডাত থাকে। আচৰফ হংকং আৰু ৱাহিদ ইংলেণ্ডত থাকে। কিন্তু জন্মসূত্রে সকলোৱেই পাকিস্তানী। তেওঁলোকৰ বিৰুদ্ধে ইণ্টাৰনেচনেল ইমার্জেন্সী ইকনমিক পাৱাৰ এক্টত ষড়যন্ত্রৰ ধাৰাত গোচৰ ৰুজু কৰা হৈছে।
কিন্তু উল্লেখযোগ্যভাৱো এই চোৰাং চালানৰ ঘটনা সন্মুখলৈ অহাৰ ফলত ভাৰতসহ পাকিস্তানৰ প্রতিবেশী সকলো দেশৰেই উদ্বেগ বাঢ়িছে। মার্কিন বিবৃতিতো কোৱা হৈছে, এই পাঁচজনৰ কর্মকাণ্ড আমেৰিকাতো বাদেই, সমগ্ৰ ভাৰতীয় উপ-মহাদেশৰ সকলো দেশৰ বাবেই বিপজ্জনক হৈ পৰিছে।
পাৰমাণৱিক অস্ত্র আৰু বেলেষ্টিক ক্ষেপণাস্ত্র থাকিলেও আন্তর্জাতিক মহলে ভাবে, পাকিস্তানৰ নিজস্ব কোনো পৰমাণু প্রযুক্তি নাই। প্রায় সম্পূৰ্ণখিনিয়েই অন্যান্য দেশৰ পৰা প্রযুক্তি চুৰি কৰি তৈয়াৰ কৰা হৈছে সেইবোৰ যুদ্ধাস্ত্র। পুনৰ সেই চুৰি ধৰা পৰাত কূটনৈতিক মহলৰ অনুভৱ, পাকিস্তানে সেই কর্মকাণ্ড এতিয়াও বন্ধ কৰা নাই।













