ASSAM TIMES POST
নিউজ ডেস্ক
টেলিকম খণ্ডত খোজ পেলোৱাৰ মাত্ৰ তিনিটা বছৰৰ ভিতৰতেই ৰিলায়েন্স জিঅ’ টেলিকম কোম্পানী লিমিটেড বৰ্তমান ভাৰতৰ শীৰ্ষস্থানৰ টেলিকম অপাৰেটৰ হৈ পৰিছে, ছাবস্ক্ৰাইবাৰ আৰু ৰাজহ দুয়োটা দিশৰ ওপৰত ভিত্তি কৰি।
বিলিয়নাৰ মুকেশ আম্বানি নেতৃত্বাধীন কোম্পানীটোৱে বিগত বৰ্ষৰ নৱেম্বৰ মাহত ইয়াৰ মোবাইল ছাবস্ক্ৰাইবাৰ ৫.৬ মিলিয়ন কৰিছে আৰু মুঠ ইউজাৰ বেছ ৩৬৯.৯৩লৈ বৃদ্ধি কৰিছে আৰু ভোডাফোন-আইডিয়া লিমিটেডক চেৰ পেলাই শীৰ্ষস্থানত উপনীত হয়। ‘টেলিকম ৰেগুলেটৰী অথৰিটী অব ইণ্ডিয়া’ (ট্ৰাই)ই বৃহস্পতিবাৰে প্ৰকাশ কৰা এক ডাটাত এই কথা প্ৰকাশ।
ইয়াৰ মতে, জিঅ’ৰ বৰ্তমান মাৰ্কেট শ্বেয়াৰ ৩২.০৪ শতাংশ আৰু ভাৰতীয় মোবাইল সেৱা মাৰ্কেটত ইউজাৰৰ পৰিমাণ ১.১৫ বিলিয়নতকৈও অধিক। অক্টোবৰৰ শেষত ইয়াৰ মাৰ্কেট শ্বেয়াৰ আছিল ৩০.৭৯ শতাংশ।
আনহাতে, কোম্পানীটোৱে বিগত বছৰটোৰ এপ্ৰিল-জুন সময়ছোৱাত ৩১.৭ শতাংশ শ্বেয়াৰেৰে ৰাজহৰ ভিত্তিত শীৰ্ষস্থান দখল কৰিছিল।













