ASSAM TIMES POST
বিশেষ প্ৰতিবেদন
আমি প্রতি দিনে, প্রতি মুহূৰ্তত প্লাষ্টিকৰ ওপৰত যে কিমান নির্ভৰশীল তাক চাৰি-পাঁচটা উদাহৰণ ভালদৰে দেখিলেই বুজিব পাৰি। বিগত তিনি দশকৰো অধিক সময় ধৰি প্লাষ্টিক আমাৰ দৈনন্দিন জীৱনৰ সৈতে অঙ্গাঙ্গীভাৱে জড়িত হৈ গৈছে। যাৰ ফলস্বৰূপে বর্তমান পৰিৱেশত প্লাষ্টিক প্ৰদূষণ এক বিৰাট ডাঙৰ সমস্যাৰ কাৰণ হৈ উঠিছে।
এই মুহূর্তত বহু ধৰণৰ প্লাষ্টিক খুব জনপ্রিয় হৈ পৰিছে। যেনে বায়’-প্লাষ্টিক বা জৈৱ-প্লাষ্টিক, বায়োডিগ্রেডেবল প্লাষ্টিক বা জীৱানু-বিযোজ্য প্লাষ্টিক, কম্প’ষ্টেবল প্লাষ্টিক ইত্যাদি। অনুমান কৰা হৈছে, বজাৰত প্রচলিত প্লাষ্টিকসমূহৰ তুলনাত এই ধৰণৰ প্লাষ্টিকসমূহ অধিক পৰিৱেশ-বন্ধু (ইক’-ফ্ৰেইণ্ডলী)। কোনো সমস্যাৰ সৃষ্টি নকৰাকৈয়ে এইবোৰ প্রাকৃতিকভাৱে বিনষ্ট হৈ যায়। অৱশ্যে, বাস্তৱত ইমান এটা সহজো নহয়।

পৰিবেশৰ প্রতি দায়বদ্ধতাৰ কাৰণেই হঠকাৰী লোকসকলে এই ধৰণৰ প্লাষ্টিক ব্যৱহাৰৰ সিদ্ধান্ত লৈছে। কিন্তু বহুতেই নাজানে, এইটি আচলতে কি? কি ৰহস্য লুকাই আছে ইয়াৰ নেপথ্যত।
বায়’ডিগ্রেডেবল বা জীৱানু–বিযোজ্য প্লাষ্টিক প্ৰকৃততে কি?
বায়’ডিগ্রেডেবল বা জীৱানু-বিযোজ্য প্লাষ্টিক হ’ল এনেকুৱা ধৰণৰ প্লাষ্টিক যাক জৈৱিক ক্রিয়াকলাপৰ দ্বাৰা সহজতে ভাঙি পেলোৱা সম্ভৱ। কিছুমান বায়’ডিগ্রেডেবল প্লাষ্টিক কম্প’জটেবল (সকলো নহয়) অর্থাৎ এই ধৰণৰ প্লাষ্টিকসমূহ কিছু নিয়ন্ত্রিত পৰিস্থিতিত বিলীন হৈ যায়।
বায়’ডিগ্রেডেবল বা জীৱানু–বিযোজ্য ‘পেট’ পানীৰ বটল
বায়’ডিগ্রেডেবল বা জীৱানু-বিযোজ্য ‘পেট’ পানীৰ বটল তৈয়াৰ কৰোঁতে, প্রস্তুতকাৰীসকলে কিছু উদ্ভিদভিত্তিক এডিটিভ যৌগ ব্যৱহাৰ কৰে যি পৰৱর্তী সময়ত বিভিন্ন অণুজীৱ আৰু বেক্টেৰিয়াৰ দ্বাৰা প্রকৃতিত বিলীন হৈ যায়। কিন্তু পেকেজ্ড বা সংৰক্ষিত পানীয় পানী আৰু খাদ্যক সঠিকভাৱে ৰাখিবলৈ ১-২ শতাংশ এডিটিভ ব্যৱহাৰ কৰা হয়। আনহাতে, ‘পেট’ৰ পলিমাৰত ৰেজিনৰ পৰিমাণ ৯৯-৯৮ শতাংশয়ে ৰখা হয়। এই এডিটিভসমূহ কিছু বিশেষ পৰিস্থিতিত মাটিত মিহলি হৈ যাব পাৰে আৰু মাত্র ২০-৩০ শতাংশ ভাঙিবলৈ সময় লাগে প্রায় ৬ মাহ।

বায়’ডিগ্রেডেবল প্লাষ্টিক সম্পর্কে কিছু আকর্ষণীয় তথ্য :
- সাধাৰণ লোকৰ ভাষাত, বায়’ডিগ্রেডেবল প্লাষ্টিকেই প্ৰকৃততে কম্প’ষ্টেবল প্লাষ্টিক।
- সমগ্ৰ বিশ্বত যিমান পৰিমাণৰ জৈৱ-প্লাষ্টিক তৈয়াৰ হয়, তাৰ বেছি ভাগেই ফচলৰ উপজাত অংশৰে তৈয়াৰী।
- যিকোনো ধৰণৰ জৈৱ-প্লাষ্টিক কম্প’ষ্টিংবা বিলীন কৰাৰ বাবে ৭৭ ডিগ্ৰীৰ পৰা ১৪০ ডিগ্ৰী পর্যন্ত তাপমাত্রাৰ প্রয়োজন।
- সামগ্রিকভাৱে বিলীন বা কম্প’ষ্টিঙৰ বাবে এতিয়াও পৃথকীকৰণ, কটা, মিশ্রণ আৰু নির্দিষ্ট এক তাপমাত্রাৰ প্রয়োজন (সাধাৰণ লোকৰ পক্ষে এইটো সম্ভৱ নহয়)।
- কোনো প্ৰকাৰেই ঘৰুৱা পৰিস্থিতিত জৈৱ-প্লাষ্টিকক ভঙাটো বা বিলীন কৰা সম্ভৱ নহয়।
- ইণ্ডাষ্ট্ৰিয়েল কম্প’ষ্টিং পদ্ধতিৰ সুবিধা নাথাকিলে এই প্লাষ্টিকক ভঙাটো সম্ভৱপৰ নহয়। ভাৰতৰ বেছিভাগ চহৰতেই এই সুবিধা বা ব্যৱস্থা নাই। ফলত জৈৱ-প্লাষ্টিকৰ অন্তিম ঠিকনা হয় চহৰৰ ৰাস্তা। যি অন্য প্রচলিত প্লাষ্টিকৰ দৰেই পৰিৱেশৰ ক্ষতিকাৰক হৈ পৰে।
- বেছিভাগ সময়তেই গ্রাহকৰ ওচৰত প্রচলিত প্লাষ্টিক বিক্ৰী কৰা হয় বায়’ডিগ্রেডেবল প্লাষ্টিকৰ লেবেল লগাই।

এই বিষয়সমূহৰ উপৰি প্লাষ্টিক প্ৰদূষণ ৰোধত বহু কথা আমি মনত ৰাখিব লাগিব৷ যেনে, বায়’প্লাষ্টিকৰ যথেষ্ট ব্যৱহাৰ আৰু পৰিৱেশত য’তে-ত’তে পেলাই ৰখাৰ স্বাধীনতা আমাৰ কাৰোৰেই নাই। এই ধৰণৰ প্লাষ্টিকসমূহ সাধাৰণ প্রচলিত প্লাষ্টিকৰ তুলনাত যথেষ্ট দামী। তাৰ উপৰি, জৈৱ-প্লাষ্টিকক পুনর্ব্যৱহাৰযোগ্য কৰি তোলাৰ পদ্ধতিও যথেষ্ট ব্যয়বহুল। এই ধৰণৰ প্লাষ্টিক ব্যৱহাৰ কৰক। কিন্তু তাৰ লগে লগে ইয়াক পৰিষ্কাৰ কৰা, ধোৱা, পৃথকীকৰণ আৰু সর্বোপৰি পুনর্ব্যৱহাৰ অত্যন্ত গুৰুত্বপূর্ণ।
প্লাষ্টিকৰ পুনর্ব্যৱহাৰ কৰা অত্যন্ত গুৰুত্বপূর্ণ আৰু এই বিষয়টোক যথেষ্ট গুৰুত্ব দিয়া উচিত। প্লাষ্টিকসমূহে প্রচুৰ পৰিমাণে কঠিন বৰ্জ্য তৈয়াৰ কৰে যিয়ে হয় পানী কিম্বা স্থলত গৈ বছৰৰ পিছত বছৰ ধৰি পৰি থাকে আৰু পৰিৱেশৰ ক্ষতি কৰে।

আনহাতে, যদি প্লাষ্টিকক ঠিক মতে পুনর্ব্যৱহাৰ কৰা যায় তেতিয়াহ’লে ই খুব মূল্যৱান হৈ উঠিব পাৰে। যেনে ‘পেট’ৰ পুনর্ব্যৱহাৰ কৰি সূতা বা ফাইবাৰ তৈয়াৰ কৰিব পৰা যায়, য’ৰ পৰা কাপোৰ, গাদী, কার্পেট ইত্যাদি তৈয়াৰ কৰিব পৰা যায়। অন্য ধৰণৰ প্লাষ্টিকৰ পুনর্ব্যৱহাৰ কৰি বিভিন্ন আচবাব, ষ্টোৰেজ টেঙ্ক ইত্যাদি তৈয়াৰ কৰিব পৰা যায়। প্লাষ্টিক বর্জ্যৰ পৰা ইন্ধন তৈয়াৰ হয়, যাক কেৰাচিনৰ বিকল্প হিচাপে ব্যৱহাৰ কৰিব পৰা যায়। পথ নির্মাণৰ সময়ত কিম্বা পাৱাৰ প্লেণ্টসমূহত এডিটিভ হিচাপেও প্লাষ্টিক ব্যৱহাৰ কৰিব পৰা যায়।













