স্পৰ্টছ ডেস্ক
আৰু কিছু সময় পিছতেই ৰাজকোটত শৃংখলাত সমতা স্থাপনৰ যুঁজত অৱতীৰ্ণ হ’ব কোহলি বাহিনী৷ উল্লেখ্য যে মুম্বাইত প্রথম এদিনীয়া মেচত ১০ উইকেটত জয়ী হৈ শৃংখলাত ১-০ত আগুৱাই আছে এৰণ ফিন্সৰ কেংগেৰু বাহিনী৷
সৌৰাষ্ট্র ক্রিকেট সন্থাৰ নতুন ষ্টেডিয়ামত ভাৰতৰ পূৰ্বৰ ৰেকর্ড অৱশ্যে একেবাৰেই ভাল নহয়। এই ষ্টেডিয়ামত অনুষ্ঠিত দুয়োখন এদিনীয়া মেচতেই পৰাজিত হৈছে টীম ইণ্ডিয়া। ২০১৩ চনত এই ষ্টেডিয়ামত অনুষ্ঠিত প্রথম এদিনীয়া মেচত ইংলেণ্ডৰ হাত পৰাজিত হৈছিল ভাৰত। একেদৰে ২০১৫ত দক্ষিণ আফ্রিকাইও এই ষ্টেডিয়ামত পৰাস্ত কৰিছিল ভাৰতক। অৱশ্যে এই ষ্টেডিয়ামত টি-২০ ফৰ্মেটত ভাৰতৰ ৰেকর্ড তুলনামূলকভাৱে ভাল। ২০ অ’ভাৰৰ ক্রিকেটত তিনিখন মেচৰ ভিতৰত দুখনত জয়ী হৈছে ভাৰত। পৰাজিত হয় এখনত।
উল্লেখ্য যে অষ্ট্ৰেলিয়াই ৰাজকোটত শেষবাৰৰ বাবে ৫০ অ’ভাৰৰ মেচত অৱতীৰ্ণ হৈছিল বহু বছৰ পূৰ্বে। ১৯৮৭ চনত সেই মেচ অনুষ্ঠিত হৈছিল চহৰখনৰ পুৰণি ষ্টেডিয়ামত। উক্ত মেচত সাত উইকেটত ভাৰতক পৰাজিত কৰিছিল কেংগেৰু বাহিনীয়ে৷চলিত এদিনীয়া শৃংখলাতো প্ৰথমখন মেচত জয়ী হৈ আত্মবিশ্বাস তুঙ্গত আছে অ’জি বাহিনীৰ। আজিৰ মেচত জয়ী হোৱা মানেই এদিনীয়া শৃংখলা যাব অষ্ট্ৰেলিয়াৰ দখললৈ৷ বিগত বছৰৰ মার্চত ভাৰতলৈ আহি এদিনীয়া শৃংখলা ৩-২ ব্যৱধানত দখল কৰিছিল ফিন্স বাহিনীয়ে। পুনৰ ভাৰতত চলিত এদিনীয়া শৃংখলা জিকিলে অভিলেখ সৃষ্টি হ’ব অষ্ট্ৰেলিয়াৰ৷
অৱশ্যে এতিয়া পর্যন্ত এদিনীয়া ক্রিকেটত ভাৰতৰ তুলনাত অষ্ট্ৰেলিয়াৰ ৰেকর্ড বহু ভাল। ভ্ৰমণকাৰী দলটো আগুৱাই আছে ৭৮-৫০ ব্যৱধানত। ভাৰতলৈ আহিও অষ্ট্ৰেলিয়া বেচ সফল। তেওঁলোকে এতিয়ালৈকে জয়ী হৈছে ৩০খন মেচত। ভাৰতে ঘৰুৱা ষ্টেডিয়ামত ২৭ বাৰ হৰুৱাইছে অষ্ট্ৰেলিয়াক। কিন্তু মঙলবাৰে অনুষ্ঠিত শৃংখলাৰ প্ৰথমখন মেচত ১০ উইকেটত পৰাজয়বৰণ কৰাৰ পিছত তীব্ৰ চাপৰ মাজত আছে ঘৰুৱা দলটো৷













