
ভাৰত-বাংলাদেশ (India-Bangladesh) সীমান্তত অনুপ্ৰৱেশ ৰোধ অসম আৰক্ষীৰ। বুধবাৰে নিশা অসমত প্ৰৱেশৰ চেষ্টা কৰা ৫ বাংলাদেশীক চিনাক্ত কৰি ঘূৰাই পঠালে অসম আৰক্ষীয়ে। চিনাক্ত কৰা বাংলাদেশী অনুপ্ৰবেশকাৰীকেইটা হৈছে চাবিৰ ৰহমান, চাকিল, দিলৱাৰ হুছেইন, আলী আৰু ভাইজিত।

এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমৰ এটা পোষ্টত লিখিছে, “আমি অনুপ্ৰৱেশমুক্ত অসমৰ দিশত প্ৰতিশ্ৰুতিবদ্ধ৷ ভাৰত-বাংলাদেশ সীমান্তত সতৰ্কতা বজাই ৰাখি অসম আৰক্ষীয়ে যোৱা নিশা ১২.৪০ বজাত ৫জন বাংলাদেশী নাগৰিকক চিনাক্ত কৰি ওভতাই পঠাবলৈ সক্ষম হয়।”













