
বম্বে উচ্চ ন্যায়ালয়ে (Bombay High Court) এক ধৰ্ষণৰ গোচৰ খাৰিজ কৰি অভিযুক্ত আৰু অভিযোগকাৰী উভয়ৰে বিৰুদ্ধে দুই লাখ টকাৰ জৰিমনা বিহাৰ নিৰ্দেশ দিয়ে। ন্যায়াধীশ এ এছ গাডকাৰী আৰু ন্যায়াধীশ নীলা গোখলেয়ে নিৰ্দেশ দিয়ে যে দুসপ্তাহৰ ভিতৰত এই জৰিমনাৰ ধন সশস্ত্ৰ বাহিনীৰ ক্ষতিগ্ৰস্তসকলৰ পৰিয়াল কল্যাণ পুঁজিত জমা কৰিব লাগিব।

উল্লেখযোগ্য যে ২০২০ চনৰ পৰা অভিযোগকাৰী মহিলা আৰু অভিযুক্তৰ মাজত প্ৰেমৰ সম্পৰ্ক আছিল। অভিযুক্তই তেওঁলোকৰ ব্যক্তিগত মুহূৰ্তৰ ছবি আৰু ভিডিঅ’ ফাদিল কৰাৰ ভাবুকি দি সংগীৰ পৰা ধন আদায় কৰিছিল। মহিলাগৰাকীয়ে অভিযুক্তৰ বিৰুদ্ধে আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। অভিযোগৰ পিছতে গ্ৰেপ্তাৰ কৰা হয় ব্যক্তিজনক।
গ্ৰেপ্তাৰৰ প্ৰায় ৯০ দিনৰ পিছতে উচ্চ ন্যায়ালয়ৰ কাষ চাপে অভিযুক্তই। তেওঁৰ বিৰুদ্ধে দাখিল কৰা এফ আই আৰ খাৰিজ কৰিবলৈ অনুৰোধ জনায়। মহিলাগৰাকীৰ সৈতে তেওঁৰ সম্পৰ্ক ঘনিষ্ঠ হৈ অহাৰ লগে লগে তেওঁ নিজৰ ঘৰত থাকিবলৈ লয়। মহিলাগৰাকীৰ দুটা সন্তানো আছে। মহিলাগৰাকীয়ে অভিযোগ কৰে যে মানুহজনে তেওঁৰ সন্তানক মাৰপিট কৰিছিল।
তেওঁলোকৰ অন্তৰংগ মুহূৰ্তৰ ছবি আৰু ভিডিঅ’ ফাদিল কৰাৰ হুংকাৰ দিয়ে। আনকি বিনিয়োগৰ নামত তেওঁৰ পৰা ১ কোটি ৭৫ লাখ টকাও লৈ গৈছিল বুলি অভিযোগ উত্থাপন হৈছে। কিন্তু সেই ধন ঘূৰাই নিদিলে। এনে পৰিস্থিতিত মহিলাগৰাকীয়ে এপ্ৰিল মাহত থানাত ব্যক্তিজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে আৰু উক্ত অভিযোগৰ ভিত্তিত ব্যক্তিজনক গ্ৰেপ্তাৰ কৰা হয়।
পিছত অভিযুক্তই উক্ত ১ কোটি ৭৫ লাখ টকা মহিলাগৰাকীক ঘূৰাই দিবলৈও সন্মত হয়।
এই গোচৰৰ অভিযুক্তৰ অধিবক্তাই যুক্তি আগবঢ়ায় যে সম্পৰ্কৰ সময়ত যি হৈছিল সেয়া দুয়োপক্ষৰ সহমততহে হৈছিল। টকা দিয়াৰ পিছতো যেতিয়া মহিলাগৰাকীয়ে ধন ঘূৰাই নাপালে, তেতিয়া তেওঁ গোচৰ ৰুজু কৰে। আনহাতে, অভিযোগকাৰী মহিলাগৰাকীৰ অধিবক্তায়ো উচ্চ ন্যায়ালয়ত শপতনামা দাখিল কৰে।
তেওঁলোকে কয় যে তেওঁলোকৰ মক্কেলে বিষয়টো নিষ্পত্তি হোৱাৰ বাবে গোচৰটো প্ৰত্যাহাৰ কৰিব বিচাৰে। এনে পৰিস্থিতিত আদালতে গোচৰ খাৰিজ কৰি দুয়োপক্ষক ২ লাখ টকাৰ জৰিমনা আদায় দিবলৈ নিৰ্দেশ দিয়ে। উচ্চ ন্যায়ালয়ে লগতে কয় যে যদি দুসপ্তাহৰ ভিতৰত জৰিমনাৰ ধন জমা নহয় তেন্তে পুনৰ আদালতত গোচৰটো লোৱা হ’ব।










