ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Sports News

Sikhar Dhawan announce retirement : সকলো ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা শিখৰ ধৱনৰ

নিউজ ডেস্কঃ

News Desk by News Desk
August 24, 2024
Reading Time: 1 min read
A A
0
Sikhar Dhawan announce retirement : সকলো ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা শিখৰ ধৱনৰ

New Logo Smal 3 | ASSAM TIMES POST

RELATED POSTS

World cup Referee : বিশ্বকাপ ফুটবলত কিমান ধন পায় ৰেফাৰীয়ে

Football fans of Japan : জাপানৰ ফুটবল অনুৰাগীয়ে দেখুৱালে নিৰ্দশন : খেল চাই পৰিষ্কাৰ কৰি গ’ল গেলেৰী

FIFA World Cup 2026 : আজি আৰম্ভ হ’ব দুভৰিৰ যুঁজৰ বিশ্ব ফুটবল মহাৰণ

ক্ৰিকেটক বিদায় জনালে শিখৰ ধৱনে (Shikhar Dhawan)। আন্তঃৰাষ্ট্ৰীয় আৰু ঘৰুৱা দুয়ো শ্ৰেণীৰ ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা (Retirement from cricket announced) কৰে প্ৰাক্তন ভাৰতীয় অপেনাৰজনে। ছ’চিয়েল মিডিয়া পোষ্টত তেওঁ এই ঘোষণা কৰে। অৱসৰৰ কথা ঘোষণা কৰি ধৱনে লিখিছে, “মোৰ ক্ৰিকেট যাত্ৰা শেষ হ’ল। লগত থাকি গ’ল অগণন স্মৃতি আৰু কৃতজ্ঞতা। মৰম আৰু সহায়ৰ বাবে ধন্যবাদ।
জয় হিন্দ।”

৩৮ বছৰীয়া ধৱনে শেষবাৰৰ বাবে ২০২২ চনৰ ডিচেম্বৰ মাহত দেশৰ হৈ খেলিছিল। বাংলাদেশৰ বিৰুদ্ধে সেই এদিনীয়া শৃংখলাৰ পিছত তেওঁ ভাৰতীয় দলত নিজৰ স্থান হেৰুৱায়। শুভমন গিলে তেওঁৰ স্থান লয়।

ধৱনে এক ভিডিঅ’ বাৰ্তাযোগে কয়, “মোৰ এটাই লক্ষ্য আছিল, দেশৰ হৈ খেলা। সেই লক্ষ্য পূৰণ হৈছে। আপোনালোকক অশেষ ধন্যবাদ। প্ৰথমে মোৰ পৰিয়াল, মোৰ শৈশৱৰ প্ৰশিক্ষক তাৰক সিং আৰু মদন শৰ্মা। তেওঁলোকৰ প্ৰশিক্ষণত মই ক্ৰিকেট শিকিলোঁ। ইয়াৰ পিছত মই মোৰ গোটেই দলটোক ধন্যবাদ জনাইছো, যাৰ লগত মই খেলিছো। সকলোৰে মৰম আৰু সমৰ্থন পালোঁ। গল্পৰ কিতাপ পঢ়ি থাকোঁতে পৃষ্ঠাবোৰ লুটিয়াই থকাৰ দৰেই কাম কৰি আছো। আন্তঃৰাষ্ট্ৰীয় আৰু ঘৰুৱা ক্ৰিকেটৰ পৰা অৱসৰ।”

crfi 1 | ASSAM TIMES POST
ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা শিখৰ ধৱনৰ

ধৱনে ভাৰতীয় ক্ৰিকেট ব’ৰ্ড আৰু দিল্লী ক্ৰিকেট সন্থাকো ধন্যবাদ জ্ঞাপন কৰে। লগতে সমৰ্থকসকলক ধন্যবাদ জ্ঞাপন কৰি তেওঁ কয়, “দেশৰ হৈ খেলিবলৈ পাই মই ধন্য। বি চি চি আই, ডি ডি চি এয়ে মোক সেই সুযোগ দিলে। অনুৰাগীৰ মৰমো পাইছোঁ। মই নিজকে ক’ব বিচাৰো, দেশৰ হৈ খেলিব নোৱাৰো বুলি দুখ অনুভৱ কৰাৰ প্ৰয়োজন নাই, বৰঞ্চ দেশৰ হৈ খেলিব পাৰিছো বুলি ভাবি সুখী হোৱা উচিত।”

উল্লেখযোগ্য যে বাওঁহাতৰ অ’পেনাৰগৰাকীয়ে দেশৰ হৈ ৩৪খন টেষ্ট, ১৬৭খন এদিনীয়া আৰু ৬৮খন টি-২০ মেচ খেলিছে। টেষ্টত তেওঁৰ ৭টা শতকৰ সৈতে ২৩১৫ ৰান সংগ্ৰহ কৰিছে। ধৱনে এদিনীয়া ক্ৰিকেটত ৬৭৯৩ ৰান সংগ্ৰহ কৰি ১৭ টা শতক অর্জন কৰে। ৰোহিত শৰ্মাৰ সৈতে তেওঁৰ অপেনিং যুটিয়ে ভাৰতক বহু মেচত জয়লাভৰ সোৱাদ দিছে। বিশেষকৈ আই চি চিৰ প্ৰতিযোগিতাত ৰোহিত আৰু ধৱনৰ সফলতা উল্লেখযোগ্য। ধৱনে দেশৰ জাৰ্চি পিন্ধি টি-২০ত ১৭৫৯ ৰান সংগ্ৰহ কৰে। তেওঁ ভাৰতক কেইবাখনো এদিনীয়া মেচতো নেতৃত্ব দিছে।

ধৱনে দিল্লী ডেয়াৰডেভিলছ (২০০৮), মুম্বাই ইণ্ডিয়ানছ (২০০৯-২০১০), ডেকান চাৰ্জাৰ্ছ (২০১১-২০১২), ছানৰাইজাৰ্ছ হায়দৰাবাদ (২০১৩-২০১৮), দিল্লী কেপিটেলছ (২০১৯-২০২১) আৰু পঞ্জাব কিংছ (২০২২-২০২৪)ৰ হৈ খেলিছে।

Tags: ShikharDhawanRetirementশিখৰধৱনঅৱসৰ
Share4Tweet3Send

Related Posts

World cup Referee : বিশ্বকাপ ফুটবলত কিমান ধন পায় ৰেফাৰীয়ে
Sports News

World cup Referee : বিশ্বকাপ ফুটবলত কিমান ধন পায় ৰেফাৰীয়ে

by News Desk
June 16, 2026
50
Football fans of Japan : জাপানৰ ফুটবল অনুৰাগীয়ে দেখুৱালে নিৰ্দশন : খেল চাই পৰিষ্কাৰ কৰি গ’ল গেলেৰী
Sports News

Football fans of Japan : জাপানৰ ফুটবল অনুৰাগীয়ে দেখুৱালে নিৰ্দশন : খেল চাই পৰিষ্কাৰ কৰি গ’ল গেলেৰী

by News Desk
June 15, 2026
50
FIFA World Cup 2026 : আজি আৰম্ভ হ’ব দুভৰিৰ যুঁজৰ বিশ্ব ফুটবল মহাৰণ
Sports News

FIFA World Cup 2026 : আজি আৰম্ভ হ’ব দুভৰিৰ যুঁজৰ বিশ্ব ফুটবল মহাৰণ

by News Desk
June 11, 2026
50
‎Brazilian supporter : আৰ্জেণ্টিনাক সমৰ্থন কৰাটো ‘পাপ’ : ১০ লিটাৰ গাখীৰেৰে গা ধুই ব্ৰাজিলিয়ান সমৰ্থক হ’ল বাংলাদেশী যুৱক
Sports News

‎Brazilian supporter : আৰ্জেণ্টিনাক সমৰ্থন কৰাটো ‘পাপ’ : ১০ লিটাৰ গাখীৰেৰে গা ধুই ব্ৰাজিলিয়ান সমৰ্থক হ’ল বাংলাদেশী যুৱক

by News Desk
June 9, 2026
50
Curacao in Fifa world cup : জনসংখ্যাৰ দিশত ভাৰতৰ তুলনাত নগণ্য : ডেৰ লাখ জনসংখ্যাৰ দ্বীপ ৰাষ্ট্ৰ কুৰাচাওৱে এইবাৰ খেলিব ফিফা বিশ্বকাপ
Sports News

Curacao in Fifa world cup : জনসংখ্যাৰ দিশত ভাৰতৰ তুলনাত নগণ্য : ডেৰ লাখ জনসংখ্যাৰ দ্বীপ ৰাষ্ট্ৰ কুৰাচাওৱে এইবাৰ খেলিব ফিফা বিশ্বকাপ

by News Desk
June 3, 2026
50
Vaibhav Sooryavanshi : ৭০০ ৰাণ কৰিবই লাগিব, এইবাৰ আই পি এল আৰম্ভ হোৱাৰ পূৰ্বেই লিখি ৰাখিছিল বৈভৱে
Sports News

Vaibhav Sooryavanshi : ৭০০ ৰাণ কৰিবই লাগিব, এইবাৰ আই পি এল আৰম্ভ হোৱাৰ পূৰ্বেই লিখি ৰাখিছিল বৈভৱে

by News Desk
June 1, 2026
50
ADVERTISEMENT
Ketan Agarwal murder case : হ’বলগীয়া স্বামীক হত্যা কৰিবলৈ বাগদত্তাই কৰা কাৰ্যত সমগ্ৰ দেশ স্তম্ভিত
National-International

Ketan Agarwal murder case : হ’বলগীয়া স্বামীক হত্যা কৰিবলৈ বাগদত্তাই কৰা কাৰ্যত সমগ্ৰ দেশ স্তম্ভিত

June 24, 2026
50
Whatsapp new head : ডেলিভাৰী ব্যৱসায়ৰ পৰা ৱাটছএপৰ নতুন মুৰব্বী, কুনালৰ জীৱন কাহিনী শুনি আপুনিও আচৰিত হ’ব
National-International

Whatsapp new head : ডেলিভাৰী ব্যৱসায়ৰ পৰা ৱাটছএপৰ নতুন মুৰব্বী, কুনালৰ জীৱন কাহিনী শুনি আপুনিও আচৰিত হ’ব

June 24, 2026
50
Rain hits Mumbai : ২৪ ঘণ্টাত ৩০০ মিলিমিটাৰ বৰষুণ; বান-ধুমুহাত বিধ্বস্ত ৰূপ দেশৰ বাণিজ্যিক মহানগৰীত
National-International

Rain hits Mumbai : ২৪ ঘণ্টাত ৩০০ মিলিমিটাৰ বৰষুণ; বান-ধুমুহাত বিধ্বস্ত ৰূপ দেশৰ বাণিজ্যিক মহানগৰীত

June 24, 2026
50
Assam Announces Supplementary Exams for Higher Secondary Students
Assam

Assam Announces Supplementary Exams for Higher Secondary Students

June 24, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Ketan Agarwal murder case : হ’বলগীয়া স্বামীক হত্যা কৰিবলৈ বাগদত্তাই কৰা কাৰ্যত সমগ্ৰ দেশ স্তম্ভিত

Ketan Agarwal murder case : হ’বলগীয়া স্বামীক হত্যা কৰিবলৈ বাগদত্তাই কৰা কাৰ্যত সমগ্ৰ দেশ স্তম্ভিত

June 24, 2026
Whatsapp new head : ডেলিভাৰী ব্যৱসায়ৰ পৰা ৱাটছএপৰ নতুন মুৰব্বী, কুনালৰ জীৱন কাহিনী শুনি আপুনিও আচৰিত হ’ব

Whatsapp new head : ডেলিভাৰী ব্যৱসায়ৰ পৰা ৱাটছএপৰ নতুন মুৰব্বী, কুনালৰ জীৱন কাহিনী শুনি আপুনিও আচৰিত হ’ব

June 24, 2026
Rain hits Mumbai : ২৪ ঘণ্টাত ৩০০ মিলিমিটাৰ বৰষুণ; বান-ধুমুহাত বিধ্বস্ত ৰূপ দেশৰ বাণিজ্যিক মহানগৰীত

Rain hits Mumbai : ২৪ ঘণ্টাত ৩০০ মিলিমিটাৰ বৰষুণ; বান-ধুমুহাত বিধ্বস্ত ৰূপ দেশৰ বাণিজ্যিক মহানগৰীত

June 24, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx