
উত্তৰ গুৱাহাটীত এইবাৰ পগলা শিয়ালৰ উপদ্ৰৱ। ফুলুঙ নামৰ ঠাইডোখৰত নিশা পগলা শিয়ালৰ আক্ৰমণত আঘাতপ্ৰাপ্ত হয় ৮ জনকৈ লোক। প্ৰত্যেককে এইমছত ভৰ্তি কৰোৱা হয় আৰু জানিব পৰা মতে আটাইকেইজনৰে অৱস্থা বৰ্তমান সংকটজনক।

আহত ব্যক্তিসকল হৈছে ক্ৰমে উত্তৰ গুৱাহাটী ফুলুঙৰ পৰমানন্দ বড়ো, ভাৰতী বড়ো, ৰঞ্জন বড়ো, ৰাম সিং উৰফে (কেছ-কেছ) আৰু অন্যান্য ৪ জন। অঞ্চলটোৰ লোকসকলে নিশা শিয়ালৰ আতংকৰ ফলত হাতে হাতে জাঠি জেং লৈ অতন্দ্ৰ প্ৰহৰী হ’বলগীয়া হৈছিল।
আনহাতে, নিশা স্থানীয় লোকৰ লগতে আৰক্ষী আৰু বন বিভাগৰ লোকেও শিয়াল বিচাৰি চলাথ কৰাৰ উপৰিও স্থানীয় লোকে বম-ফটকা ফুটাই পগলা শিয়াল খেদাৰ চেষ্টা অব্যাহত ৰাখিছিল। অৱশ্যে, বৰ্তমানেও ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈ শিয়ালটোৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে।













