
আজি বিয়লি পৰা তিনিঘণ্টা ধৰি কাৰবি আংলং জিলা (Karbi Anglong District)ত হয় প্ৰবল বৃষ্টিপাত (Heavy rains) ৷ ঠায়েঠায়ে হয় ধুমুহা৷ এই বৃষ্টিপাতৰ ফলত জিলাখনৰ বিভিন্ন এলেকা কিছুসময়ৰ বাবে প্লাবিত (Various areas are inundated) হৈ পৰে৷ ইয়াৰ মাজতে ডবকা-ডিমাপুৰৰ মাজত নিৰ্মাণ চলি থকা ফ’ৰ লেন পথৰ (Four lane road constructed between Dobka-Dimapur) এছোৱা পানীয়ে উটুৱাই নিয়ে (water took away)৷

বৰষুণৰ প্ৰবল্য অধিক হোৱাৰ বাবে পাহাৰৰ পৰা পানীৰ ঢল নামি আহি মানজা-বকলীয়াৰ মাজৰ লাংপাৰপাঙত পথটোৰ কিছু অংশ চিঙি নিয়ে৷ লাংপাৰপাং এলেকাত যি স্হানত পথটো বৰষুণৰ পানীয়ে চিঙি নিলে সেই স্হানত নিৰ্মাণ হৈ আছিল পকী দলং৷ সেয়ে এছোৱা পথ বন্ধ থকাৰ বিপৰীতে আনছোৱা পথেৰে যাতায়াত চলি আছিল৷
কিন্তু খনবামন পাহাৰৰ পৰা নামি অহা পানীয়ে উতুৱাই নিলে পথছোৱা৷ যাৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথটোৰে যাতায়াত বন্ধ হৈ পৰে৷ ডিফুলৈ অহা আৰু ডিফুৰ পৰা গুৱাহাটী অভিমুখে যোৱা গাড়ীসমূহ তাৰালাংচ’ হৈ যাবলৈ দিয়া হৈছে৷ সন্ধিয়ালৈ পথটো কিছু মেৰামতি কৰি লঘু বাহন অহাযোৱা কৰিব পৰা কৰিছে যদিও লঘু বাহন সমূহো ঠেলি ঠেলিহে পাৰ কৰিব লগা হৈছে ৷ গধুৰ বাহনৰ চলাচল আজি নিশা বন্ধ হৈ থাকিব৷ কাইলৈ পথটো মেৰামতি কৰাৰ পিছতহে যাতায়ত সুচল হ’ব৷












