ASSAM TIMES POST,ডিফু: ইউনাইটেড ষ্টুডেণ্টচ ইউনিয়ন অব কাৰবি আংলং চমুকৈ উছুকাৰ আঞ্চলিক সমিতিখন আজি পুণৰ গঠন কৰা হয় ৷ আজি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিৰ যোগে সভাপতি লংছ’দৰ বে’ই এই কথা জানিব দিয়ে ৷ বিবৃতিটোত উল্লেখ থকা অনুসৰি কাৰবি লামেট আমেইৰ ডিফুস্থিত কাৰ্যালয়ত এই সন্দৰ্ভত আজি এক সভা অনুষ্ঠিত হয় ৷ উছুকাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি বিবিছন টেৰণৰ পৌৰোহিত্যত অনুষ্ঠিত সভাখনত কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক জিণ্টু হাজৰিকাও উপস্থিত থাকে ৷ সভাখনৰ দীৰ্ঘ আলোচনা আৰু বিভিন্নজনৰ বক্তব্যৰ পিছত লংছ’দৰ বে’ক সভাপতি আৰু মাৰছন ইংতিক সম্পাদক হিচাপে লৈ উছুকাৰ ডিফু আঞ্চলিকৰ পুণৰ গঠন কৰি দিয়ে ৷ নতুন সমিতিখনে উছুকাৰ উদ্দ্যেশ্য আৰু লক্ষ্যৰ বাবে দৃঢ়তাৰে কাম কৰি যাব বুলি নৱ নিযুক্ত সভাপতি আৰু সম্পাদক গৰাকীয়ে জানিবলৈ দিছে