
বৃহস্পতিবাৰে পুৱা ৯ বজাত সমগ্ৰ দেশৰ লগত সংগতি ৰাখি কাৰবি আংলং জিলাৰ সদৰ চহৰ ডিফু (Diphu)ৰ চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰ প্ৰাঙ্গনত ৭৮ সংখ্যক স্বাধীনতা দিৱস (78th Independence Day)ৰ পতাকা উত্তোলন (Flag hoisting) কৰে কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ চিইএম (CEM) তুলিৰাম ৰংহাঙে (Tuliram Ronghang)৷

দিনযোৰা কাৰ্যসূচীৰে আৰম্ভ হোৱা স্বাধীনতা দিৱসৰ কাৰ্যসূচী অনুসৰি পুৱাৰ ভাগত ব্যক্তিগত আৱাস, অনুষ্ঠান প্ৰতিষ্ঠানত পতাকা উত্তোলন কৰা হয়৷ ইয়াৰ পিছত ডিফু গান্ধী পাৰ্কত মহাত্মা গান্ধীৰ প্ৰাতিকৃতিত পুষ্পাঞ্জলী আৰু মাল্যাৰ্পন কৰাৰ পিছত শ্বহীদসকলক সুৱঁৰি স্মৃতি তৰ্পন কৰা হয়৷

আনহাতে ডিফু চৰকাৰী মহাবিদ্যালয় খেলপথাৰত পতাকা উত্তোলন কৰি গাৰ্ড অফ অনাৰ গ্ৰহণ কৰে চিইএম তুলিৰাম ৰংহাঙে৷ স্বাধীনতা দিৱসৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি চিআৰপিএফ, অসম আৰক্ষী এনচিচি আৰু বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে পেৰেড প্ৰদৰ্শন কৰা পৰিলক্ষিত হয়৷












