আৰ জি কৰ হাস্পতাল (RG Kar Hospital)ত এগৰাকী মহিলা চিকিৎসকৰ মৃত্যুৰ ঘটনাত এইবাৰ মাত মাতিছে লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী (Rahul Gandhi)য়ে। এই সন্দৰ্ভত প্ৰিয়ংকা গান্ধীয়ে পূৰ্বতেই মুখ খুলিছিল। এইবাৰ ৰাহুল গান্ধীয়ে এই সন্দৰ্ভত মন্তব্য কৰে।

ৰাহুল গান্ধীয়ে নিজৰ এক্স হেণ্ডেলত লিখিছে, এই ঘটনাৰ পিছত চিকিৎসালয়ৰ নিৰাপত্তাক লৈ প্ৰশ্ন উত্থাপন হৈছে। তদুপৰি, ঘটনাৰ তদন্ত কেনেকৈ হ’ব সেয়া সম্পূৰ্ণ প্ৰশাসনৰ দায়িত্ব বুলিও তেওঁ উল্লেখ কৰে। নিৰ্ভয়া কাণ্ডৰ পিছত এই ঘটনা বাঞ্ছনীয় নহয় বুলি তেওঁ কয়। চিকিৎসালয়সমূহক চিকিৎসকৰ সুৰক্ষা নিশ্চিত কৰিবলৈও তেওঁ আহ্বান জনায়।
ৰাহুল গান্ধীয়ে লগতে লিখিছে, “এই ঘটনাৰ পিছত সঠিক ন্যায় হ’ব লাগে।” উল্লেখ্যে এই ঘটনাৰ তদন্ত ইতিমধ্যে চিবিআইৰ হাতত গতাই দিয়া হৈছে। চিবিআয়ে তদন্ত আৰম্ভ কৰিছে। এই ঘটনাৰ প্ৰতিবাদত বুধবাৰে নিশা যুৱতীসকলে প্ৰতিবাদত নামিব।