![]()
বাংলাদেশৰ পৰিস্থিতি সন্দৰ্ভত মঙলবাৰে সংসদত অনুষ্ঠিত হয় সৰ্বদলীয় বৈঠক। বৈঠক সম্বোধন কৰে বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে। বৈঠকত বিৰোধী নেতা ৰাহুল গান্ধীয়ে (Rahul Gandhi) এছ জয়শংকৰক তিনিটা গুৰুত্বপূৰ্ণ প্ৰশ্ন কৰে। তেওঁ পোনপটীয়াকৈ প্ৰশ্ন কৰে যে সমগ্ৰ ঘটনাৰ সৈতে পাকিস্তানৰ কিবা সম্পৰ্ক আছে নেকি। এই পৰিস্থিতিত ভাৰতৰ বৈদেশিক নীতি কি হ’ব সেয়াও জানিব বিচাৰে কংগ্ৰেছ সাংসদগৰাকীয়ে।

উল্লেখ্য, মঙলবাৰে অনুষ্ঠিত এই বৈঠকত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজু আদিয়ে অংশগ্ৰহণ কৰে। বৈঠকত ৰাহুল গান্ধীয়ে পোনপটীয়াকৈ প্ৰশ্ন উত্থাপন কৰে যে বিগত সপ্তাহত বাংলাদেশৰ পৰিস্থিতি অৱনতি ঘটা আৰু তাৰ ফলত হাছিনাক উৎখাত কৰাৰ সৈতে বিদেশী শক্তি বিশেষকৈ পাকিস্তানৰ কিবা সম্পৰ্ক আছে নেকি?
জয়শংকৰে উত্তৰত কয় যে বিষয়টোক লৈ এতিয়াও তদন্ত অব্যাহত আছে। তেওঁ লগতে কয় যে বাংলাদেশৰ অশান্ত পৰিস্থিতিৰ সময়ত এজন পাকিস্তানী কূটনীতিবিদে ছ’চিয়েল মিডিয়াত কেইবাবাৰো নিজৰ প্ৰফাইল পিকচাৰ সলনি কৰাৰ তথ্য কেন্দ্ৰৰ হাতত আছে। ইয়াৰ দ্বাৰা বৃহত্তৰ ঘটনাটোৰ সংযোগৰ দিশটো আঙুলিয়াই দিয়া হৈছে নেকি সেই বিষয়েও কেন্দ্ৰই লক্ষ্য কৰিব।
সৰ্বদলীয় বৈঠকত ৰাহুল গান্ধীয়ে লগতে জানিব বিচাৰিছে যে আগন্তুক দিনত চৰকাৰে কি দীৰ্ঘম্যাদী পদক্ষেপ গ্ৰহণ কৰি ঢাকাৰ ক্ষমতা পৰিৱৰ্তনে ভাৰতত যি কূটনৈতিক প্ৰভাৱ পেলাবলৈ গৈ আছে তাৰ সৈতে মোকাবিলা কৰিব। জয়শংকৰে উত্তৰত কয় যে কেন্দ্ৰই এতিয়াও সকলো দিশৰ ওপৰত চকু ৰাখিছে। বাংলাদেশী সেনাৰ সৈতেও নতুন দিল্লীৰ যোগাযোগ অব্যাহত আছে। পৰিস্থিতিৰ দিশটো লক্ষ্য কৰি কেন্দ্ৰই সিদ্ধান্ত ল’ব।
ৰাহুল গান্ধীৰ তৃতীয় প্ৰশ্নটো আছিল বাংলাদেশৰ পৰিস্থিতিৰ নাটকীয় পৰিৱৰ্তন সন্দৰ্ভত নতুন দিল্লীৰ কিবা দূৰদৰ্শিতা আছিল নেকি? জয়শংকৰে অৱশ্যে প্ৰত্যক্ষভাৱে উত্তৰটো এৰাই চলে। তেওঁ পুনৰ এবাৰ কয় যে ভাৰতে পৰিস্থিতিৰ ওপৰত দৃষ্টি ৰাখিছে। তেওঁলোকে অতি সোনকালে পৰৱৰ্তী পদক্ষেপৰ সিদ্ধান্ত ল’ব।
বৈঠকত বাংলাদেশত বসবাস কৰা ভাৰতীয়সকলৰ অৱস্থাৰ বিষয়েও আলোচনা কৰা হয়। জয়শংকৰে কয় যে এই পৰিস্থিতিত বাংলাদেশত থকা ভাৰতীয় নাগৰিকসকলৰ সুৰক্ষা সুনিশ্চিত কৰাটো কেন্দ্ৰৰ লক্ষ্য। কিন্তু বৰ্তমান ভাৰতীয়সকলক জৰুৰী ভিত্তিত বাংলাদেশৰ পৰা উলিয়াই দিয়া হোৱা নাই। প্ৰয়োজন সাপেক্ষে এই সন্দৰ্ভত ক্ষিপ্ৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।
উল্লেখ্য যে সূত্ৰ অনুসৰি, হাছিনাই লণ্ডনত ৰাজনৈতিক আশ্ৰয় ল’ব বিচাৰিছে। কিন্তু ব্ৰিটেইনৰ পৰা এতিয়াও সেউজ সংকেত পোৱা নাই। অৱশ্যে তেওঁ আন কোনো দেশলৈ যাব নেকি তাৰো চিন্তা চলি আছে। নতুন দিল্লীয়ে হাছিনাৰ ভৱিষ্যত পৰিকল্পনা জানিহে পৰৱৰ্তী সিদ্ধান্ত ল’ব।











