ASSAM TIMES POST
ডিফুঃ ১১ জানুৱাৰীৰ পৰা ১৭ জানুৱাৰীলৈকে চলিবলগীয়া ৩১ সংখ্যক ৰাষ্ট্ৰীয় পথ সুৰক্ষা সপ্তাহ ২০২০ পাহাৰীয়া জিলা কাৰবি আংলঙতো জিলা পৰিবহন বিভাগৰ উদ্যোগত বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে৷
আজি দ্বিতীয় দিনৰ কাৰ্যক্ৰমণিকা অনুসৰি পুৱা ৭ বজাত ডিফু ক্লাবৰ সন্মূখৰ পৰা মাঞ্জা তিনি আলিলৈকে প্ৰতিযোগী সকলৰ মাজত হাফ মাৰাথান দৌৰ অনুষ্ঠিত হৈ যায়৷
জিলা পৰিবহন বিষয়া দিব্যজ্যোতি কাৰ্জি আৰু এমভিআই এইছএম হাজৰিকাৰ উপস্থিতি এছিয়ান মাষ্টাৰ্চ গেমছৰ স্বৰ্ণ বিজেতা পখিলা ইংতিপীয়ে হাফ মাৰাথান দৌৰৰ ফ্লেগ অফ কৰে৷
ইয়াৰোপৰি ‘কাবা’ৰ উদ্যোগত ডিফুত বিনামূলীয়া চকু চিকিৎসা শিবিৰ অনুষ্ঠিত হৈ যায় বুলি জানিব পৰা গৈছে৷ আজিৰ হাফ মাৰাথানত ৪৫ গৰাকী প্ৰতিযোগীয়ে অংশ গ্ৰহণ কৰে ৷












