সীমান্তত প্ৰতিদিনে বৃদ্ধি পাইছে দেশ এৰিব বিচৰা বাংলাদেশীৰ সংখ্যা। কিন্তু তেনে পৰিৱেশত শৰণাৰ্থীৰ বাবে সীমান্তৰ দুৱাৰ মুকলি কৰিবলৈ অনিচ্ছুক নৰেন্দ্ৰ মোডী চৰকাৰ। আনহাতে, বংগৰ বিজেপি (Bengal BJP) নেতৃত্বই বাংলাদেশত ক্ষতিগ্ৰস্ত হিন্দু (Hindus affected in Bangladesh) শৰণাৰ্থীসকলৰ বাবে ভাৰতত আশ্ৰয় প্ৰদান কৰাটো বিচাৰিছে (Seeks shelter in India)। কিন্তু এই মুহূৰ্তত কেন্দ্ৰীয় চৰকাৰে এনে কোনো পদক্ষেপ ল’বলৈ অনিচ্ছুক, যিয়ে প্ৰথম অৱস্থাতে নতুন চৰকাৰৰ সৈতে সম্পৰ্ক তিক্ত কৰি তুলিব।

উল্লেখযোগ্য যে বংগৰ বিৰোধী নেতা শুভেন্দু অধিকাৰীয়ে দাবী কৰে যে এই অশান্তিৰ ফলত এক কোটি শৰণাৰ্থীয়ে দেশ বিশেষকৈ পশ্চিমবংগলৈ পলায়ন কৰিব পাৰে। বিজেপি নেতাসকলৰ মতে এই শৰণাৰ্থীসকলৰ অধিকাংশই হিন্দু। বিজেপিৰ ৰাজ্যসভাৰ সাংসদ সৌমিক ভট্টাচাৰ্যয়ো বাংলাদেশৰ নিপীড়িত হিন্দুৰ পক্ষত মানৱীয় দৃষ্টিৰে থিয় হোৱাৰ কথা কৈছে। বিজেপিৰ ৰাজ্যিক নেতৃত্বই কয় যে যদি কোনো হিন্দু ধৰ্মীয় নিৰ্যাতনৰ বাবে বাংলাদেশ এৰি ভাৰত, বিশেষকৈ পশ্চিমবংগলৈ আহিবলৈ বাধ্য হয়, তেন্তে নাগৰিকত্ব সংশোধনী আইনৰ (CAA) দ্বাৰা তেওঁলোকক নাগৰিকত্ব প্ৰদানৰ কথা বিবেচনা কৰা হ’ব।
কিন্তু বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কয়, “যিকোনো চৰকাৰৰ নাগৰিকৰ সুৰক্ষা নিশ্চিত কৰাটো দায়িত্ব। এই ক্ষেত্ৰতো প্ৰথমে বাংলাদেশ চৰকাৰৰ দায়িত্ব হ’ব দেশৰ আইন-শৃংখলাৰ পৰিস্থিতি নিয়ন্ত্ৰণ আৰু শৰণাৰ্থীসকলৰ মনত আস্থা ঘূৰাই অনা। কাৰণ ই একাধিক সমস্যাৰ সৃষ্টি কৰিব পাৰে। উদাহৰণস্বৰূপে, সীমান্ত মুকলি কৰিলে পশ্চিমবংগৰ ওপৰত জনসংখ্যাৰ বিশাল চাপ বৃদ্ধি পাব।
অনাগত দিনত কেন্দ্ৰ আৰু ৰাজ্যসমূহে এই শৰণাৰ্থীসকলৰ পুনৰ সংস্থাপনৰ দায়িত্ব ল’ব লাগিব। সীমান্ত মুকলি হ’লে হিন্দুৰ উপৰি ৰাজনৈতিক কাৰণত অত্যাচাৰৰ সন্মুখীন হোৱা আৱামী লীগৰ মুছলমান নেতা-কৰ্মীসকলো ভাৰতলৈ প্ৰব্ৰজন কৰাৰ সম্ভাৱনা আছে। সেয়াও ভাৰতৰ বাবে বাঞ্ছনীয় নহয়। কাৰণ ইয়াৰ ফলত নতুনকৈ সীমান্ত অঞ্চলত জনসংখ্যাৰ ভাৰসাম্য বিঘ্নিত হ’ব পাৰে।”