বাংলাদেশৰ শেহতীয়া ৰাজনৈতিক পৰিস্থিতিত ভাৰত চৰকাৰে ভাৰত-বাংলাদেশ সীমান্তত নিৰাপত্তা (Security along Indo-Bangladesh border) ব্যৱস্থা কটকটীয়া কৰিছে। লগতে সকলো ফালৰ পৰা সষ্টম কৰি ৰাখিছে সীমান্ত সুৰক্ষা বাহিনী চমুকৈ বিএছএফক। আনহাতে, সম্ভাৱ্য অনুপ্ৰৱেশৰ প্ৰতি লক্ষ্য ৰাখি বাংলাদেশৰ সীমান্তৱৰ্তী ৰাজ্যসমূহকো সতৰ্ক হৈ থাকিবলৈ নিৰ্দেশ দিছে।
ইফালে অসম-বাংলাদেশ সীমান্ত (Assam-Bangladesh border)ৰ পৰিস্থিতি সন্দৰ্ভত মন্তব্য আগবঢ়াইছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা (Chief Minister Dr. Himanta Biswa Sarma)ই। তেওঁ কয় যে অসম-বাংলাদেশ সীমান্ত সম্পূৰ্ণৰূপে সুৰক্ষিত হৈ আছে। সীমান্তৰে কোনো ধৰণৰ অনুপ্ৰৱেশৰ ঘটনা সংঘটিত হোৱা নাই।

তেওঁ কয় যে ভাৰত চৰকাৰে সীমান্ত সুৰক্ষতি কৰি ৰাখিবলৈ নিৰ্দেশ দিছে। তাৰে পৰিপ্ৰেক্ষিতত অসম-বাংলাদেশ সীমান্ত বন্ধ কৰি ৰখা হৈছে।
আনহাতে, যিসকল ছাত্ৰ-ছাত্ৰী বাংলাদেশৰ পৰা আহিব বিচাৰে তেওঁলোকক পাছপোৰ্ট লৈ আহিবলৈ দিয়া হৈছে।
ইফালে বাংলাদেশত সংখ্যালঘুৰ ওপৰত আক্ৰমণৰ ঘটনা সংঘটিত হোৱা বুলি উল্লেখ কৰি তেওঁ কয় যে দেশখনত হিন্দুৰ ওপৰত আক্ৰমণ হৈ আছে।
অৱশ্যে এই সময়ত ধৈৰ্য ধৰাৰ প্ৰয়োজন আছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে অসম-বাংলাদেশ সীমান্ত সম্পূৰ্ণৰূপে সুৰক্ষিত হৈ আছে।