
শনিবাৰে দিনৰ ১২ মান বজাত ডিফুস্থিত ডিফু চিকিৎসা মহাবিদ্যালয় (Diphu Medical College & Hospital) আৰু হাস্পাতালত উপস্থিত হৈ কালি ডিফু পাৱাৰ হাউছ বজাৰৰ পৰা কিনি নিয়া মুড়ি আৰু গুৰ খাই অসুস্থ হৈ পৰা দুই শিশুৰ স্বাস্থ্যৰ বুজ লয় কাৰবি আংলঙ জিলা আয়ুক্ত নিৰলা ফাংচপী আৰু সঞ্জীৱ কুমাৰ শইকীয়াই ৷

উল্লেখ যোগ্য যে, কালি মুড়ি আৰু গুৰ খাই একেটা পৰিয়ালৰে তিনি শিশু ভাতৃ অসুস্থ হৈ পৰিছিল৷ তাৰে তেৰ বছৰীয়া শিশু গৰাকী মৃত্যু মুখত পৰিছিল৷শিশু দুগৰাকীৰ স্বাস্থ্যৰ বুজলৈ সাংবাদিকৰ সৈতে হোৱা বাৰ্তালপত আয়ুক্ত গৰাকীয়ে কয়যে, শিশু দুগৰাকী বৰ্তমান ক্ৰমাৎ সুস্থ হৈ উঠিছে আৰু এতিয়া বিপদ মুক্ত৷
কাৰবি আংলং জিলাত এগৰাকী খাদ্য সুৰক্ষা বিষয়াক স্থায়ী ভাবে নিযুক্তি দিবলৈ চৰকাৰক আবেদন জনাব বুলি কয় আয়ুক্ত গৰাকীয়ে ৷ ডিফুৰ লগতে সমগ্ৰ জিলাখনতে সুস্বাস্থ্য আৰু সুস্থ বাতাবৰণ সৃষ্টি কৰিবলৈ জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনে যত্নৱান হ’ব বুলিও মন্তব্য কৰে জিলা আয়ুক্ত নিৰলা ফাংচপীয়ে।












