
শুকুৰবাৰে পুৱা প্ৰায় ১০ মান বজাত ডিফুত মুড়িত বিষক্ৰিয়া (Burrowing poisoning) হৈ এজন কিশোৰৰ মৃত্যু (Death of a teenager) হোৱাৰ অভিযোগ উত্থাপিত হৈছে। প্ৰাপ্ত তথ্য অনুসৰি, ডিফু-লামডিং পথ (Diphu-Lumding Road)ৰ পাঁচ কিলো ৰংচিংৰি গাঁৱৰ বাসিন্দা বাবুছিং বেʼই ডিফু পাৱাৰ হাউছ ডেইলী বজাৰৰ পৰা কালি সন্ধিয়া মুড়ি আৰু গুড় ক্ৰয় কৰিছিল। সন্ধিয়াই বেʼৰ তিনি পুত্ৰই মুড়ি আৰু গুড় খোৱাৰ প্ৰায় এঘন্টাৰ পাছত সকলোৱে ভাত খায়। ইয়াৰ কিছু সময়ৰ পিছতে বাবুছিং বেʼৰ তিনি পুত্ৰ ক্ৰমে চনছিং বেʼ (১৫), দ্বিগেনচন বেʼ (১৪) আৰু ৱাইছং বেʼই শৌচ-বমি কৰি অসুস্থ হৈ পৰে।

ইয়াৰে কনিষ্ঠ পুত্ৰ ৱাইছঙৰ আজি পুৱা মৃত্যু হয়। আনহাতে, বেʼৰ জ্যেষ্ঠ পুত্ৰ বৰ্তমান ডিফু চিকিৎসা মহাবিদ্যালয়ৰ আই চি ইউ আৰু মাজু পুত্ৰ মেডিচিন বিভাগত চিকিৎসাধীন হৈ আছে। মুড়িত বিষক্ৰিয়া হৈয়েই তিনিওজন কিশোৰ আক্ৰান্ত হোৱাৰ আশংকা প্ৰকাশ কৰিছে পিতৃ বাবুছিং বেʼই। বজাৰ সমিতিৰ অধ্যক্ষ বিদ্যাছিং তিচʼই দোকানখনৰ ট্ৰেডিং লাইচেন্স নথকাৰ লগতে দোকানখন বন্ধ কৰাৰ নিৰ্দেশ দিয়ে। এই সন্দৰ্ভত প্ৰশাসনে আইনী ব্যৱস্থা লʼব বুলি কয় বজাৰ সমিতিয়ে।












