ASSAM TIMES POST
নিউজ ডেস্ক:
দেওবাৰে কেন্দ্ৰীয় শাসিত অঞ্চল লাডাখত এটা ভূমিকম্প অনুভূত হয়৷ ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাৱল্য আছিল ৫.৩৷ দেওবাৰে দিনৰ ১০.৫৪ বজাত ভূমিকম্পটো হয়৷ ভূমিকম্পটো প্ৰায় ১০ কিলোমিটাৰ গভীৰতাত হৈছিল বুলি প্ৰকাশ৷ ভূমিকম্পৰ ফলত কোনো ক্ষয়ক্ষতি বা হানি বিঘিণিৰ বাতৰি পোৱা নাই৷ আনহাতি হিমাচল প্ৰদেশৰ. কাংগৰা জিলাত দেওবাৰে দিনৰ ১১.৫৫ বজাত এটা ভূমিকম্প হয়৷ ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাৱল্য আছিল ৩.৪৷













