
বৰ্তমান অলিম্পিকত দৃষ্টি আকৰ্ষণ কৰিছে ভাৰতীয় শ্বুটাৰ মনু ভাকেৰে (Monu Bhaker)। তেওঁ স্বাধীনতাৰ পিছত এখন অলিম্পিকত দ্বৈত পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় হিচাপে পৰিগণিত হয়। কিন্তু সেই মনুৰ ছবি ব্যৱহাৰ কৰি অবৈধ বিজ্ঞাপনৰ অভিযোগ উত্থাপন হৈছে। যাৰ বাবে মনুৰ হৈ প্ৰায় ২৪ টা সংগঠনলৈ আইনী জাননী প্ৰেৰণ কৰা হৈছে।

মনুৰ পৰিচালন সঞ্চালক নীৰৱ টোমাৰে সংবাদ মাধ্যমৰ আগত কয়, “মনুৰ সৈতে কোনোধৰণে জড়িত নহয়, কিন্তু তেওঁৰ ছবি ব্যৱহাৰ কৰি বিজ্ঞাপন দি থকা ২৪ টা কোম্পানী আছে। অবৈধ কাম কৰিছে। অবৈধভাৱে উপাৰ্জন কৰি আছে। আমি সেই সকলোবোৰ সংগঠনলৈ আইনী জাননী প্ৰেৰণ কৰিছোঁ।”
কিন্তু কেৱল মনুৱেই নহয়, পেৰিছত পদকৰ দাবীদাৰ ভাৰতীয় বেডমিণ্টন তাৰকা সাত্বিক সাইৰাজ ৰেংকিৰেডী আৰু চিৰাগ শ্বেট্টীৰ ছবিও অবৈধভাৱে ব্যৱহাৰৰ অভিযোগো উত্থাপন হৈছে। সাত্বিকৰ দলৰ এগৰাকী মুখপাত্ৰই কয়, “যি সংগঠন তেওঁলোকৰ পৃষ্ঠপোষক নহয়, সেইবোৰে তেওঁৰ ছবি ব্যৱহাৰ কৰিব নোৱাৰে। যদি এনেকুৱা হয় তেন্তে আমি আইনী ব্যৱস্থা ল’বলৈ বাধ্য হ’ম।” অৱশ্যে এই পৰ্যন্ত কাকো কোনো আইনী জাননী প্ৰেৰণ কৰা হোৱা নাই বুলি জানিব পৰা গৈছে।
উল্লেখ্য যে অলিম্পিকত প্ৰথমে ১০ মিটাৰ এয়াৰ পিষ্টল ইভেণ্টত মনুৱে ব্ৰঞ্জৰ পদক লাভ কৰে। তেওঁ মাত্ৰ .১ স্ক’ৰৰ বাবে ৰূপৰ পদক হেৰুৱায়। পিছলৈ তেওঁ সৰৱজোৎ সিঙৰ সৈতে ১০ মিটাৰ এয়াৰ পিষ্টলৰ মিক্সড ইভেণ্টত আন এক ব্ৰঞ্জৰ পদক দেশলৈ আনে। এই পৰ্যন্ত অলিম্পিকত ভাৰতে দুটাকৈ পদক অৰ্জন কৰিছে। দুয়োটা ২২ বছৰীয়া শ্বুটাৰগৰাকীৰ হাতেৰে আহিছে।









