
মঙলবাৰে পুৱা ১০ বজাৰ পৰা ডিফু (In Diphu)ৰ ৰংখেলানত কাৰবি আংলঙৰ আঞ্চলিক দল APHLC য়ে গ্ৰহণ কৰিছে তিনিদিনীয়াকৈ অমৰণ অনশন (Three-day hunger strike) কাৰ্যসূচী।
সংবিধানৰ ২৪৪(ক) ধাৰাৰ অধীনত কাৰ্বি আংলং, ডিমা হাছাওক সামৰি এখন স্বায়ত্তৰাজ্য গঠনৰ কৰা, পঞ্চায়ত আইনৰ অধীনত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত নকৰা, লোকসভাৰ বাজেট অধিৱেশনত উত্থাপন হ’বলগীয়া ষষ্ঠ অনুসূচীৰ ১২৫ সংশোধনীৰ বিৰোধিতা, আদিকে ধৰি প্ৰায় বাৰটা দাবীত এই অনশন কাৰ্যসূচী (Hunger strike is being held on twelve demands) গ্ৰহণ কৰিছে APHLC দলে৷

দলটোৰ সভাপতি জন ইংতি কাথাৰে (President John Ingti Kathar) ক’লে- ২৪৪(ক) বিচৰাটো পাহাৰীয়া ৰাইজৰ এটা সাংবিধানিক দাবী। ইফালে ষষ্ঠ অনুসূচীৰ ১২৫তম সংশোধনীয়ে গাঁও পঞ্চায়ত পৰ্যায়লৈ লৈ যাব কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ক্ষমতা।
আনহাতে তিনিদিনীয়া অনশন কাৰ্যসূচী প্ৰশাসনে এদিনৰ বাবে অনুমতি দিয়াৰ সন্দৰ্ভতো জে আই কাথাৰে ক’লে
এতিয়া বিজেপি দলে APHLC দলক বহুত ভয় খাইছে। যাৰবাবে আন আন সংগঠনক ধৰ্ণাৰ অনুমতি দিয়ে কিন্তু প্ৰশাসনে অনুমতি নিদিয়ে APHLC দলক।












