ASSAM TIMES POST
ছাইদুল ইছলাম, ডিফুঃ কাৰবি আংলং জিলাৰ মাঞ্জা আৰক্ষীৰ বিৰুদ্ধে ধনদাবীৰ অভিযোগ উত্থাপন কৰি আজি মাঞ্জাত এখনি সংবাদ মেলৰ আয়োজন কৰে জিলাখনৰ ছেণ্ড মহলদাৰ আৰু চাপ্লায়াৰ এছ’চিয়েছনে ৷ সংগঠনটোৱে সংবাদমেলত অভিযোগ কৰা অনুসৰি সন্ধিয়া মাঞ্জা আৰক্ষীৰ এটা দলে অকস্মাতে সন্থাৰ কাৰ্যালয়ত প্ৰৱেশ কৰি উক্ত সময়ত কাৰ্যালয়ত উপস্থিত কাৰ্যালয়ৰ কৰ্মচাৰী সকলক বিনা কাৰণত মাৰধৰ কৰে৷
আৰক্ষীয়ে বিভিন্ন সময়ত বালিৰ ব্যৱসায়ী সকলৰ পৰা ধন দাবী কৰি অহাৰ অভিযোগ তুলি সন্থাই উক্ত ঘটনাৰ প্ৰতবাদত আজিৰে পৰা পৰহিলৈকে তিনিদিনলৈ বালিৰ সৰবৰাহ বন্ধ ৰখাৰ কথা ঘোষণা কৰিছে৷
আনহাতে এই সন্দৰ্ভত ভাৰপ্ৰাপ্ত বিষয়া গৰাকীয়ে জানিবলৈ দিয়া অনুসৰি কালি সন্ধিয়া নিয়মীয়া তহলত যোৱাৰ সময়ত আৰক্ষীয়ে উক্ত স্থানত প্ৰতিখন ট্ৰাকৰ পৰা দুহাজাৰ টকাকৈ সংগ্ৰহ কৰা প্ৰত্যক্ষ কৰে৷
আৰক্ষীৰ উপস্থিতিৰ উমান পাই এই সকল লোক উক্ত স্থানৰ পৰা পলায়ণ কৰে৷
এই সন্দৰ্ভত উৰ্ধতন কৰ্তৃপক্ষক অৱগত কৰাৰ লগতে এক গোচৰো ৰুজো কৰা বুলি মাঞ্জা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গৰাকীয়ে জানিবলৈ দিছে৷












