ভাৰতৰ প্ৰথমখন সৌৰ অভিযান (India Solar Mission) যান আদিত্য-এল১ মহাকাশযানে সূৰ্য আৰু পৃথিৱীৰ মাজৰ এল১ বিন্দুৰ চাৰিওফালে প্ৰথমটো হেলো কক্ষপথ সম্পূৰ্ণ কৰিলে।
ইছৰোৰ সূত্ৰত এই কথা প্ৰকাশ। মঙলবাৰে প্ৰথম কক্ষপথ সম্পূৰ্ণ কৰি দ্বিতীয় কক্ষপথত সফলতাৰে প্ৰৱেশ কৰে আদিত্যই। যোৱা বছৰৰ ২ ছেপ্টেম্বৰত আদিত্য-এল১ক এটিকেলাগৰাংগিয়ান পইণ্টত এল-১ নিয়োগ কৰিবলৈ উৎক্ষেপণ কৰা হৈছিল। আদিত্য এল১-এ প্ৰথম কক্ষপথ সম্পূৰ্ণ কৰিবলৈ সময় লাগিল ১৭৮ দিন।