ASSAM TIMES POST
ডিফুঃ সমগ্ৰ ৰাজ্যখনৰ লগতে পাহাৰীয়া জিলা কাৰবি আংলঙতো অব্যাহত আছে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে তীব্ৰ আন্দোলন ৷ আজিও পাহাৰীয়া জিলাৰ সদৰ চহৰ ডিফুত অনুষ্ঠিত হয় ‘ৰণশিঙা শীৰ্ষক প্ৰতিবাদী কাৰ্যসূচী ৷ পূৰ্বৰ আন্দোলন সমূহৰ দৰেই আজিও বহু বয়োবৃদ্ধ, মহিলা যুৱক-যুৱতীয়ে সংগঠন সমূহৰ এই প্ৰতিবাদী কাৰ্যসূচীলৈ পূৰ্ণ সঁহাৰি জনাই. প্ৰতিবাদী কাৰ্যসূচীত সক্ৰিয় অংশ গ্ৰহণ কৰি জাতিধ্বংসী আইনখনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷
আজিৰ প্ৰতিবাদী কাৰ্যসূচীত প্ৰতিবাদকাৰী সকলে খোল, তাল, নাগাৰা আদি বজাই তাৰ তালে তালে ‘কা’ আমি নামানো , ‘কা’ বাতিল কৰিবই লাগিব , নৰেন্দ্ৰ মোদী গ’ বেক, হিমন্ত বিশ্ব শৰ্মা হায়, হায় আদি শ্লগানেৰে ডিফুৰ ছেমছনছিং ইংতি সোঁৱৰণি উদ্যাণৰ প্ৰতিবাদ স্থলী উত্তাল কৰি তোলে ৷ কেইবাগৰাকী প্ৰতিবাদকাৰীয়ে সুধাকণ্ঠৰ কালজয়ী গীত সমূহ পৰিবেশন কৰি প্ৰতিবাদ সাব্যস্থ কৰে ৷ অশোক ঠাকুৰ নামৰ এগৰাকী বয়োজ্যষ্ঠ শিল্পীয়ে যোৱা ১৪ ডিচেম্বৰত ‘কা’ৰ বিৰোধিতাৰে ৰচনা কৰা স্বৰচিত ‘ লক্ষ জনতাৰ ক্ৰোধাগ্নি’ শীৰ্ষক গীত পৰিবেশন কৰি প্ৰতিবাদী জনতাক উৎসাহ প্ৰদান কৰে ৷

প্ৰতিবাদী কাৰ্যসূচীক নেতৃত্ব প্ৰদান কৰি প্ৰদান কৰা ভাষণত আছুৰ কাৰবি আংলং জিলা সমিতিৰ সাধাৰণ সম্পাদক সৰ্জোণ হাঞ্চেই ‘ কা’ শীঘ্ৰে বাতিল কৰাৰ বাবে চৰকাৰক দাবী জনায় ৷ অসমত শান্তি সভা পাতি অহা বিজেপি দলক ইয়াত শান্তি সভা নাপাতি দিল্লীলৈ গৈ অসমৰ ৰাইজে ‘কা’ নামানে বুলি কেন্দ্ৰীয় চৰকাৰক এই আইন বাতিল কৰিবলৈ দাবী জনাবলৈ আহ্বান জনায় ৷ তেতিয়াহে অসমলৈ শান্তি ঘূৰি আহিব বুলি নেতাগৰাকীয়ে মন্তব্য কৰে ৷
আনহাতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ধেমাজিত কালি অনুষ্ঠিত এক ৰাজহুৱা সভাত জনজাতীয় এলেকাত ‘ কা’ বিৰোধী আন্দোলনৰ কোনো প্ৰভাৱ পৰা নাই বুলি কৰা মন্তব্যৰ প্ৰত্যুত্তৰ প্ৰদান কৰি কয় যে যোৱা ১০ ডিচেম্বৰত ডিফুলৈ আহোঁতে আছুৱে প্ৰদৰ্শন কৰা ক’লা পতাকাৰ স্মৃতি পাহৰি যোৱাৰ বাবেই মন্ত্ৰী গৰাকীয়ে এনে মন্তব্য কৰিছে৷ আনহাতে শান্তি সমদলৰ নামত চৰকাৰে ব্যয় কৰা বুজন পৰিমানৰ ধন দীৰ্ঘ দিন ধৰি দৰমহাৰ পৰা বঞ্চিত হৈ অহা কাগজ কলৰ কৰ্মচাৰী সকলক প্ৰদান কৰিবলৈ ছাত্ৰ নেতা গৰাকীয়ে আহ্বান জনায় ৷












