ASSAM TIMES POST
ডিফুঃ কাৰবি আংলঙৰ ডিফুৰ জিলা আৰু সত্ৰ বিচাৰপতিৰ কাৰ্যালয় কক্ষত আজি ২০২০ বৰ্ষৰ প্ৰথমটো ‘ জিলা আইন সেৱা প্ৰাধিকৰণৰ’ জিলা সমিতিৰ সভা অনুষ্ঠিত হৈ যায়৷ এই উপলক্ষে জিলা আইন সেৱা প্ৰাধিকৰণৰ সচিব আমিৰ উদ্দিন আহমেদৰ সঞ্চালনাত সভাত মুখ্য ন্যায়িক দণ্ডাধীশ এম ভদানীয়ে বিগত বৰ্ষত জিলা আইন সেৱা প্ৰাধিকৰণে বিভিন্ন আইন সেৱা সফলতাৰ কাৰ্যসূচী সমূহৰ এক খতিয়ান দাঙি ধৰে ৷
খতিয়ানত ন্যায়িক দণ্ডাধীশ ভদানীয়ে জিলা প্ৰশাসন আৰু কাৰবি আংলং স্বায়ত্ত শাসিত পৰিষদৰ সহযোগত জিলাখনৰ বিভিন্ন প্ৰান্তত সমাজৰ প্ৰচলিত কু সংস্কাৰ, শিশু শ্ৰমিক আইন, ৰাজ্যিক লোক আদালত , পকচ’ আইন,ধপাত বিৰোধী সজাগতা প্ৰদান কৰাৰ উপৰি ডিফু কাৰাগাৰত বাঁহ শিল্প বিষয়ত দক্ষতা বিকাশ প্ৰশিক্ষণ সহ ১২ টা সজাগতা কাৰ্যসূচী ৰূপায়ণ কৰা হৈছিল বুলি তথ্য প্ৰকাশ কৰে ৷
ইয়াৰ অনুৰূপ চলিত বৰ্ষতো জিলাখনৰ বিভিন্ন এলেকাত আইন সম্পৰ্কীয় পৰ্যায়ক্ৰমে, সজাগতা কাৰ্যসূচী গ্ৰহণ কৰাৰ নতুন বৰ্ষৰ কাৰ্যসূচীত অন্তৰ্ভূক্ত কৰে ৷ সভাত জিলা উপায়ুক্ত মুকুল কুমাৰ শইকীয়া , কাৰবি আংলং জিলা আৰক্ষীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ইন্দ্ৰনীল বৰুৱা উপস্থিত থাকে ৷













