
অৰুণাচল (Arunachal Pradesh)ত এজন ১৫ বছৰীয়া ছাত্ৰৰ আত্মহত্যা (Student’s suicide)। জানিব পৰা মতে, কিশোৰগৰাকীয়ে নিয়ম উলংঘা কৰি বিদ্যালয় চৌহদত মোবাইল ফোন ব্যৱহাৰ কৰিছিল। তাৰ বাবে বিদ্যালয় কৰ্তৃপক্ষই ছাত্ৰজনক শাস্তি প্ৰদান (School authorities punish the student) কৰে। এই শাস্তি প্ৰদানৰ এদিন পিছতে তেওঁ আত্মহত্যা কৰে। অৰুণাচল প্ৰদেশৰ আঞ্জাও জিলাৰ আমলিয়াং অঞ্চলৰ এখন বিদ্যালয়ৰ সমীপত সংঘটিত হৈছে এই ঘটনা। মৃত ছাত্ৰজনৰ নাম চিৰাং ক্ৰী (Chirang Cree) (১৫)। তেওঁ দশম শ্ৰেণীত অধ্যয়ন কৰি আছিল।

আনহাতে, আৰক্ষীৰ সূত্ৰ অনুসৰি ছাত্ৰজন চিৰাং স্কুলৰ হোষ্টেলত থাকি পঢ়িছিল। কিন্তু স্কুলৰ চৌহদত ফোন ব্যৱহাৰ কৰাৰ কোনো নিয়ম নাই বুলি জানিও চিৰাঙে ফোনটো নিজৰ ওচৰতে ৰাখিছিল। নিয়ম মানি নচলাৰ বাবে বিদ্যালয় কৰ্তৃপক্ষই তেওঁক বহিষ্কাৰ কৰিবলৈ নিৰ্দেশ দিয়ে। এই শাস্তি তেওঁ মানি ল’ব পৰা নাছিল। লগতে শাস্তি উঠাই ল’বলৈ কৰ্তৃপক্ষক অনুৰোধ জনায়।
চিৰাং আৰু পিতৃৰ অনুৰোধত পিছত তেওঁক পঢ়িবলৈ অনুমতি দিয়া হৈছিল। কিন্তু তাৰ পিছতে চিৰাঙৰ সন্ধান নোহোৱা হয়। দীঘলীয়া অনুসন্ধানৰ অন্তত বিদ্যালয়ৰ সমীপৰ লোহিত নদীৰ পাৰত গছত ওলমি থকা অৱস্থাত চিৰাঙৰ মৃতদেহ উদ্ধাৰ হয়। তেওঁৰ চাৰ্টৰ পকেটৰ পৰা উদ্ধাৰ হৈছে এখন ছুইচাইড নোট। চিৰাঙে স্কুলত ফোন ব্যৱহাৰ কৰাৰ বাবে দুখ প্ৰকাশ কৰাৰ লগতে ক্ষমাও খুজিছে ছুইচাইড নোটত। ইফালে ছাত্ৰজনৰ অস্বাভাৱিক মৃত্যুৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।













